অসম

বিহালী বনাঞ্চলত মেলি দিয়া হল ১৮ ডালকৈ দুস্প্ৰাপ্য সাপ : ফটো সাংবাদিক তথা সৰ্প মানৱ খ্যাত সৌৰভ বৰকাকতিৰ প্ৰশংসনীয় পদক্ষেপ

প্ৰথম খবৰ,বিশ্বনাথ চাৰিআলি: সাঁপ দেখিলেই আমাৰ বুকু কঁপি উঠে। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম তেজপুৰৰ ফটো সাংবাদিক সৌৰভ বৰকটকী। অজগৰ,ফেঁটি আদিকে ধৰি ১৮ ডাল বিষাক্ত সাঁপ নিজা ঘৰত প্ৰতিপালন কৰিছিল বৰকটকীয়ে । তেজপুৰ চহৰৰ বিভিন্ন স্থানৰ বহু লোকৰ ঘৰত প্ৰবেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল এই সাপ কেইডালে। সাপ কেইডালক হত্যাৰো চেষ্টা কৰিছিল একাংশই। কিন্তু তেজপুৰৰ ফটো সাংবাদিক তথা প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীয়ে মৃত্যুৰ মূখৰ পৰা ৰক্ষা কৰিছিল এই সাপ কেইডালক । পোহনীয়া জন্তুৰ দৰে নিজৰ ঘৰত ৰখা এই ১৮ ডালকৈ সাপক অৱশেষত এৰি দিয়া হয় বিশ্বনাথৰ বিহালী বনাঞ্চলৰ অসম-অৰুণাচল সীমান্তৰ অতি দূৰ্গম স্থান ৰাধাচুৰ দিৰিং নদীৰ বুকুত । আনহাতে অৰুণাচলীয়ে বিহালী বনাঞ্চলৰ বিস্তৃত অঞ্চলত বেদখল অব্যাহত ৰখিছে। যাৰ ফলত বনাঞ্চলখনৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। এনে এক সময়তেই ১৮ ডালকৈ দুস্প্ৰাপ্য সাপ আলহী হৈ আহিল বনাঞ্চলখনলৈ। যিয়ে বনাঞ্চলখনৰ ক্ষেত্রত এক ইতিবাচক বাৰ্তা বহণ কৰিছে।

Related Articles

Leave a Reply

Close