অসম

বোকাজান মহকুমাত কংগ্ৰেছৰ প্ৰচাৰ অভিযান  

প্ৰথম খবৰ,বোকাজান: দ্বাদশ কাৰ্বি স্বায়ত্ব পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পাহাৰীয়া জিলাখনত বিভিন্ন ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে ৷ ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানেৰে প্ৰচাৰ কাৰ্য তুংগত কৰি তুলিছে ৷ এই নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ৰিপুন বৰাই বোকাজান, বৰজান, সৰুপথাৰ আৰু দেউপানী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে লক্ষীৰাম চয়, চন্দ্ৰ কাথাৰ কাচেং টেৰাংপিৰ আৰু এলিছ তেৰাংপি হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বোকাজান মহকুমাত উপস্থিত হয় ৷ লক্ষীৰাম ছয় আৰু কাঁচাঙ তেৰাংপি হৈ বোকাজন ব্লক কংগ্ৰেছৰ কাৰ্যালয়, চন্দ্ৰ কাথাৰৰ হৈ হিডিপিত আৰু এলিছ টেৰাংপিৰ হৈ শান্তিপুৰৰ খাকৰাজান খেলপথাৰত অনুস্থিত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত বৰাই অংশগ্ৰহণ কৰে ৷ সভাত অংশগ্ৰহণ কৰি বৰাই নিজ ভাষণত বিজেপি দল আৰু চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে তীব্ৰ আক্ৰমণ কৰি কয় যে বিজেপি দল এটা ফাঁকিবাজ দল, তেওঁলোক খাতি খোৱা ৰাইজৰ পৰিৱৰ্তে পুজিপতিৰ হৈ কাম কৰা দল বুলিও অভিহিত কৰে ৷ তেখেতে আৰু কয় যে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত বিজেপি যদি শাসনত অধিষ্ঠিত হয় তেন্তে অসমৰ পৰা সকলো বাংলাদেশী যাব লাগিব বুলি দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আশ্বাসৰ কথা কৈ প্ৰশ্ন কৰে যে বিজেপি শাসনত বহাৰ পিছত এজনো বাংলাদেশী বিতাৰিত কৰিলে নে? বিজেপিৰ কু- চক্ৰান্তৰ বাবেই পৰিষদৰ নিৰ্বাচন ১২ জুনৰ পৰিৱৰ্তে ১৭ জুনলৈ পিছুৱাই দিয়া হ’ল বুলি অভিযোগ কৰি গেৰুৱা দল বিজেপি আৰু চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ আজিৰ নিৰ্বাচনী প্ৰচাৰ সভাত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি তথা সাংসদ বীৰেন সিং ইংতি, প্ৰাক্তন বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ড, দুৰ্লভ চমোৱা, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ক্ৰমে গজেন্দ্ৰ উপমণ্যু, দিগন্ত বৰ উপস্থিত থাকে।

Related Articles

Leave a Reply

Close