অসম

বড়ো লিবাৰেচন টাইগাৰ ফ’ৰ্চৰ প্ৰাক্তন নেতা হৰকান্ত দৈমাৰীৰ মৃত্যু

প্ৰথম খবৰ, ডিমাকুছি: বি টি চি চুক্তিত স্বাক্ষৰকাৰী বড়ো সশস্থ সংগঠন বড়ো লিৱাৰেচন টাইগাৰ ফ’ৰ্চ চমুকৈ বি এল টিৰ প্ৰাক্তন কামাণ্ডাৰ হৰকান্ত দৈমাৰীৰ আজি ৪৮ বছৰ বয়সত ডিমাকুছিৰ নিজ বাসগৃহত মৃত্যু হয়৷ ওদালগুৰি জিলাৰ ডিমাকুছিৰ নিকটৱৰ্তী দাৰোগাচুৱা গাঁৱৰ স্বৰ্গীয় বেংগা দৈমাৰী আৰু হাম্বু দৈমাৰীৰ জ্যেষ্ঠ পুত্ৰ হৰকান্ত দৈমাৰীয়ে ছাত্ৰ অৱস্থাতে সশস্থ সংগ্ৰামৰ প্ৰতি আকৰ্ষিত হৈ বড়ো সশস্থ সংগঠন বি এল টিত যোগদান কৰে৷ বড়ো ভলন্টিয়াৰ ফ’ৰ্চৰো এগৰাকী সক্ৰীয় কৰ্মী হৰকান্ত দৈমাৰী এসময়ত সেনা-আৰক্ষীৰ বাবে মুৰৰ কামোৰনি হৈ পৰিছিল ৷১৯৯৮ চনৰ ৬ এপ্ৰিলত সেনাৰ গুলিত গুৰুতৰভাৱে আহত হৈছিল বি এল টিৰ কামাণ্ডাৰ পৰ্যায়ৰ নেতা হৰকান্ত দৈমাৰী ৷চৰকাৰৰ সৈতে শান্তি চুক্তিৰ পিছত বিভিন্ন সামাজিক কাম কাজত জড়িত হৈ পৰা দৈমাৰীয়ে দীৰ্ঘদিন দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আজি শেষ নিশ্বাস ত্যাগ কৰে ৷দৈমাৰীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ৷

Related Articles

Leave a Reply

Close