অসম

বৰপেটাৰোড আৰক্ষীৰ তৎপৰতা: ৬ জন এ টি এম চোৰ আটক

প্ৰথম খবৰ,বৰপেটা ৰোড: বেংকৰ এ টি এমৰ টকা চুৰি কৰিবলৈ চোৰে লৈছে এতিয়া নতুন পন্থা। ৰাইজ আৰু আৰক্ষীৰ চকুত ধুলি দি এইবাৰ চোৰে ৰোগী কঢ়িওৱা এম্বুলেঞ্চলৈ এ টি এমত চোৰ কৰিবলৈ বৰপেটাৰোডলৈ আহিছিল এটি ছয় জনীয়া চোৰৰ দল। পিছে বৰপেটাৰোড আৰক্ষীৰ তৎপৰতাত ধৰা পৰিল ছয় জনকৈ দূৰ্দৰ্ষ এটি এম চোৰ। দেওবাৰে পুৱতি নিশা বৰপেটাৰোডৰ বজাৰৰ চৌধুৰী মাৰ্কেটৰ সন্মুখত থকা ইউকো বেংকৰ এ টি এমত চোৰ কৰিবলৈ আহিছিল চোৰৰ দলটিয়ে । ধুবুৰীৰ পৰা যুৱ সমাজ, ধুবুৰীৰ AS19C-8205 নম্বৰৰ এখন এম্বুলেঞ্চেৰে বৰপেটাৰোডলৈ আহিছিল চোৰ কেইজন । চোৰ কেইজনৰ পৰা আৰক্ষীয়ে হাতুৰি, প্লাছ,ৰড, কলা কাপোৰ, পশ্চিম বঙ্গৰ আধাৰ কাৰ্ড ,ভোটাৰ কাৰ্ড সহ চোকা অস্ত্ৰ উদ্ধাৰ কৰিছে । ধুবুৰীৰ পৰা অহা চোৰৰ দলটোৰ লগত খুৰশ্বিদ নামৰ চোৰ জনৰ ঘৰ হৈছে হাৰিয়ানাত। আটকাধীন চোৰ কেইজন ক্ৰমে জিয়াউৰ ইছলাম ,খুৰশ্বিদ, মোজাম্মিল হক, ৰফিকুল ইছলাম, মোজাহাৰ আলী আৰু কাছেম আলী । চোৰ কেইজনক বৰপেটাৰোড আৰক্ষী থানাত ৰাখি সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । উল্লেখ্য যে ৰোগী কঢ়িওৱা এম্বুলেঞ্চলৈ কেনেকৈ চোৰে ধুবুৰীৰ পৰা বৰপেটাৰোডলৈ এ টি এম চুৰি কৰিবলৈ আহিব পাৰিলে সেয়া এক ডাঙৰ প্ৰশ্ন ।

Related Articles

Leave a Reply

Close