অসম

বৰষুণ দিলেই পানীয়ে বুৰাই কামপুৰ নগৰ 

প্ৰথম খবৰ, কামপুৰ: আছে গৰু নাবাই হাল লেখিয়া হৈছে কামপুৰ নগৰ সমিতিখন। এতিয়া নগৰ সমিতিৰ অৱহেলাৰ কাৰণেই জ্বলা কলা খাব লগা হৈছে কামপুৰ নগৰ বাসীয়ে। এজাক বৰষুণ আহিলেই এতিয়া গেলা নৰ্দমাৰ পানীৰে সহবাস কৰিব লগা হয় কামপুৰৰ নগৰীয়া সকলে। নগৰীয়া জীৱন অতিবাহিত কৰিব গৈ তীব্ৰ সংকটত পৰা পৰিলক্ষিত হৈছে। কামপুৰ নগৰৰ ৩নং ৱাৰ্ডটোৰ ৰে’ল কলনীত থকা নলাবোৰ মেৰামতি নোহোৱাৰ কাৰণেই এজাক বৰষুণ আহিলেই বুৰাই পেলাই প্ৰায় শতাধিক পৰিয়াল ।
কুম্ভ কৰ্ণ নিদ্ৰাত এতিয়া নগৰ সমিতি। স্থানীয় লোকে বহু বাৰ আবেদন নিবেদন কৰাৰ পাছতো কোনো গুৰুত্ব নাই কামপুৰ নগৰ সমিতিৰ। কামপুৰ ৰে’ল কলনি, বৰুৱা মাৰ্কেটৰ কেইবাটাও পৰিয়াল আৰু কেইবাখনো দোকান পানীৰ তলতে আছে। কামপুৰ ৰে’ল ষ্টেচনৰ একমাত্ৰ পথটো বৰ্তমানেও একাঠু পানীৰ তলত। খবৰ নাই কামপুৰ নগৰ সমিতিৰ । কৃত্ৰিম বানৰ কবলত পৰা সকলে কামপুৰ নগৰ সমিতিত গৈয়ো কোনো সুফল পোৱা নাই । বিজ্ঞান সন্মত ভাৱে নগৰখনৰ নলাবোৰ নিৰ্মাণ নকৰাৰ বাবে নগৰখনত সৃষ্টি হৈছে এই কৃত্ৰিম বান। ইফালে ফেনে ফুটুকাৰে কপিলী আৰু বৰপানী নদীয়ে ভয়াৱহ ৰূপ লোৱাত শংকাত পৰিছে দুয়োখন নৈ পৰীয়া ৰাইজ।

Related Articles

Leave a Reply

Close