অসম

ভকতপাৰা আছুৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশন আৰু অভিনন্দনঅনুষ্ঠান সম্পন্ন

প্ৰথম খবৰ,মংগলদৈ/দেওমৰনৈ: সদৌ দৰং জিলা ছাত্র সন্থাৰ অন্তৰ্গত উত্তৰ পুৱ মংগলদৈ আঞ্চলিক ছাত্ৰ সন্থাৰ ভকতপাৰা শাখা ছাত্ৰ সন্থাৰ ৪ৰ্থ বাৰ্ষিক অধিৱেশন আৰু অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত সভাখনৰ সভাপতিত্ব কৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশীয়ে। সভাত উপস্থিত থাকে খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ বুদ্ধিন হাজৰিকা, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ মূখ্য সাংগঠনিক সম্পাদক মেহদী আলম ছিদ্দিক, প্ৰাক্তন সহ সাধাৰণ সম্পাদক দিগন্ত ডেকা, আবছুৰ ভকতপাৰা সমিতিৰ সভাপতি ৰবিন্দ্ৰ বসুমতাৰি। মুকলি সভা অনুষ্ঠিত হোৱাৰ আগমুহুৰ্তত শাখা ছাত্র সন্থাৰ বিষয় বাচনি সভা অনুষ্ঠিত হয়৷ উক্ত সভাত ভকতপাৰা শাখাৰ ছাত্র সন্থাৰ নৱ নিৰ্বাচিত সমিতি খনৰ সভাপতি সম্পাদক ক্ৰমে কৃদ্বিপ বৰুৱা আৰু ত্ৰিদ্বিব ডেকাক বাচনি কৰি এখনি সৱল শাখা ছাত্র সন্থা গঠন কৰে ৷

Related Articles

Leave a Reply

Close