অসম

ভুমিকেন্দ্ৰিক মাৰপিটত মহিলাসহ গুৰুতৰ ভাৱে আহত ৪

প্ৰথম খবৰ,  মানিকপুৰ: বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ পূৰ্ব জপেয়া গাঁৱত আজি ভূমিকেন্দ্ৰীক মাৰপিটত ৪ জনকৈ লোক গুৰুতৰ ভাৱে আহত হৈছে। আহত সকল ক্ৰমে আব্দুল ছালাম, আলী আজম, ৰাবিয়া খাতুন আৰু আবু বক্কাৰ। আহত সকলক ততাতৈয়াকৈ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয়। হুৰমুজ আলী নামৰ এজন লোকে আবু বক্কাৰৰ পৰা মাটি ক্ৰয় কৰি লোৱাৰ পিছতো আবু বক্কাৰে মাটি বুজাই নিদিয়াত আজি হুৰমুজ আলীয়ে মেৰেৰচৰ আৰক্ষীক লগত লৈ মাটি খিনিত ঘৰ বান্ধিব যায়। আবু বক্কাৰৰ পৰিয়ালে দলে বলে হুৰমুজ আলীৰ এই কাৰ্যত বাধা দিয়ে আৰু দুয়ো ফৈদৰ মাজত কাজিয়া সৃষ্টি হয় আৰু দুয়ো ফৈদৰ ৪জনকৈ লোক গুৰুতৰ ভাৱে আহত হয়। মেৰেৰচৰ আৰক্ষী সন্মুখত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় যদিও আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি স্থানীয় ৰাইজে জানিব দিয়ে।

Related Articles

Leave a Reply

Close