অসম

ভেৰগাৱ জিলা অনুসূচীত জাতি পৰিষদৰ অধিৱেশন সম্পন্ন

প্ৰথম খবৰ,খৈৰাবাৰী: আজি ভেৰগাঁও জিলা অনুসুচিত জাতি পৰিষদৰ অধিবেশনখনি টংলাৰ জঙ্গলপাৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। উক্ত সভাখনত সভাপতিত্ব কৰে শ্ৰী গৌৰাঙ্গ দাসদেৱে। আজিৰ সভাই ভেৰগাঁও জিলা অনুসুচিত জাতি পৰিষদৰ নৱ নিৰ্বাচিত সভাপতি শ্ৰী গৌৰাঙ্গ দাস আৰু সম্পাদক হৰমোহন সুত্ৰধৰদেৱক লৈ ৩১ জনীয়া সমিতি এখন গঠন কৰে। উক্ত সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম অনুসুচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শ্ৰী সুশিল সুত্ৰধৰ,অসম অনুসুচিত জাতি পৰিষদৰ সাধাৰণ সম্পাদক শ্ৰী নিত্যানন্দ ফুকন আৰু অসম অনুসুচিত জাতি পৰিষদৰৰ কায্যৰ্কৰী সভাপতি শ্ৰী বানেশ্বৰ দাস প্ৰমূখ্যে কৰি বিশিষ্ট সন্মানীয় ব্যক্তিয়ে সভাত ভাষণ প্ৰদান কৰি সভাখন গাম্ভীৰ্য্যপূৰ্ণ কৰি তোলে ৷

Related Articles

Leave a Reply

Close