অসম

মাছখোৱাত ফেনে ফুটুকাৰে বাঢ়িছে কঢ়া-লাইপুলিয়া, শংকিত নৈপৰীয়া ৰাইজ

প্ৰথম খবৰ, মাছখোৱা: নেৰা-নেপেৰা বৰষুণৰ ফলত ধেমাজি জিলাৰ মাছখোৱাৰ লাইপুলিয়া আৰু কঢ়া নদীৰ জলপৃষ্ঠ ওফন্দি উঠিছে। ফেনে ফুটুকাৰে বাঢ়ি দুয়োখন নদীৰ জলপৃষ্ঠ দ্ৰুত হাৰত বৃদ্ধি পোৱাত নৈৰ দাঁতি কাষৰীয়া ৰাইজ শংকিত হৈ পৰিছে। ইফালে বিগত বহু বছৰ ধৰি গৰাখহনীয়াৰ প্ৰকোপ বৃদ্ধি কৰি অহা নদী দুখনৰ গৰাখহনীয়া ৰোধৰ বাবে গ্ৰামোন্নয়ণ বিভাগে বিভিন্ন আচঁনি গ্ৰহণ কৰি আহিছে যদিও খহনীয়া ৰোধৰ ক্ষেত্ৰত সফল হোৱা নাই। সম্প্ৰতি বাঢ়নী পানীয়ে নৈপৰীয়া শতাধিক পৰিয়াললৈ চৰম বিপজ্জয় নমাই অনাৰ সম্ভাৱনা প্ৰবল। নৈপৰীয়া নৈকুশ, ৰঙাচিলা, বজাৰচুক, পথলিয়াল, কাইটং,দীঘলগড়া গাৱঁৰ ৰাইজে প্ৰবল বানৰ শংকাত অনিদ্ৰাৰে দিন পাৰ কৰা বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close