অসম

মাজুলীত দুদিনীয়া ভ্ৰমণ সূচীৰে উপস্থিত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল

প্ৰথম খবৰ,মাজুলী: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি যোৰহাটৰ নিমাতীঘাটৰ পৰা বিশেষ ফেৰী যোগে মাজুলীৰ কমলাবাৰী ঘাটত বিয়লি চাৰি বজাত উপস্থিত হয় ৷ তাৰ পোনে পোনে মাজুলীৰ আৱৰ্ত ভৱনলৈ আহে আৰু গড়মূৰ মিনি ষ্টেডিয়ামত মোডী ফেষ্ট কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আৰু তাৰ পাছত মাজুলী মহাবিদ্যালয়ত কৃতি ছাত্ৰ-ছাত্ৰী সকলৰ সম্বৰ্ধনা অনুষ্ঠানত অংশ গ্ৰহণ কৰে। আৰু কৃতি ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত উচ্চতৰ মাধ্যমিকত স্থানপ্ৰাপ্ত জবা শইকীয়া, লিপি বৰুৱা আৰু গায়ত্ৰী দেৱী উপস্থিত থাকে। মুখ্যমন্ত্ৰীৰ লগতে প্ৰদান বৰুৱা, আৰু ৰানোজ পেগু উপস্থিত থাকে। আজি ৰাতি মাজুলীৰ আৱৰ্ত ভৱনত কটাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। আৰু কাইলে পুৱা ৯ বজাত ৰাৱনপাৰত কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ১১ বজাত মাজুলীৰ পৰা আহতগুৰিলৈ ৰাওনা হ’ব।

Related Articles

Leave a Reply

Close