অসম

মানিকপুৰত চি পি আই এমৰ অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ, মানিকপুৰ: বঙাইগাঁও জিলাৰ মানিকপুৰত চি পি আই এমৰ মানিকপুৰ লোকেল কমিটিয়ে আজি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কৃষি বিৰোধী নীতিৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট পালন কৰে। দেশৰ কৃষক সকলৰ সমস্যা সমাধানৰ বিপৰীতে প্ৰতিবাদী কৃষকৰ ওপৰত গুলিচালনা কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে সংগঠনটো। চৰকাৰৰ কৃষক বিৰোধী নীতিৰ বাবেই দিনত গড়ে ৩৫ জনকৈ কৃষক আত্মহত্যা কৰিব লগা হৈছে বুলি দাবী উত্থাপন কৰিছে সংগঠনটোৱে। ৰাজ্য চৰকাৰে যোগান ধৰা ইৰি ধানৰ ভেজাল বীজৰ ফলত অঞ্চলটোৰ কৃষক সকল যথেষ্ট পৰিমানে ক্ষতিগ্ৰস্ত হৈছে বুলি দাবী কৰে প্ৰতিবাদ কাৰী সকলে। স্বামীনাথন কমিচনৰ সুপাৰিচ মতে কৃষকৰ উৎপাদিত ফচলৰ নূন্যতম সহায়ক মূল্য নিৰ্দ্ধাৰণ কৰি দিয়াৰ ব্যৱস্থা কৰা, ঋণগ্ৰস্থ কৃষকক কৃষি ঋণ ৰেহাই দিয়া, ইৰি ধানৰ ক্ষতিপূৰণ দিয়া, মানিকপুৰত শীতল ভড়াল স্থাপন কৰা, কৃষিৰ বাবে আন্তগাঁথনি গঢ়ি তোলা, সাৰ কীটনাশক ঔষধ উন্নত জাতৰ বীজ সুলভ মূল্যত যোগান ধৰা, কৃষকৰ ভূমি অধিকাৰ প্ৰদান কৰা, উচ্ছেদ বন্ধ কৰা, এম জি এনৰেগাৰ কাম দিয়া আদি কৰি  কৃষকৰ সমস্যা সমাধানৰ দাবীত মানিকপুৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে মূখ্য মন্ত্ৰীলৈ ৮ দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰে।

Related Articles

Leave a Reply

Close