অসম

মাহমৰাত দিচাং নদীৰ গৰাখহনীয়া অব্যাহত, দিচাঙৰ খহনীয়াত সৰ্বস্বান্ত গঞা

প্ৰথম খবৰ, মাহমৰা: বান আৰু গড়া খহনীয়াই অসমৰ বহু অঞ্চললৈ ভাবুকি কঢ়িয়াই অনাৰ পাছতো ৰাজ্যত সংঘটিত হৈ আছে খহনীয়া ৰোধৰ নামত ব্যাপক কেলেংকাৰী। মাহমৰা জাপিধৰা মধুচুক গাঁৱত দিচাং নদীৰ ব্যাপক খহনীয়া ৰোধৰ নামত বহুওৱা পাৰ্কুপাইন আঁচনিৰ ৫ লাখ টকা হৰলুকি কৰাৰ অভিযোগ উঠিছে। গড়া খহনীয়াই উটুৱাই নিলে ১৬ বিঘা মাটি। অৱশেষত বাকী ৰৈছে এক বিঘা মাটি। উল্লেখ্য যে ২০১২-১৩ বৰ্ষত চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত জাপিধৰা মধুচুক গাঁৱত দিচাং নদীৰ গড়া খহনীয়া ৰোধ কৰিবলৈ পাৰ্কুপাইন বহুওৱা আঁচনিৰ নামত আৱণ্টন হোৱা প্ৰায় ৫ লাখ টকা হৰলুকী কৰাৰ অভিযোগ উত্থাপন হৈছে ভড়ালীপুখুৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছ চৰকাৰৰ সভানেত্ৰী লগতে বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰৰ বিৰুদ্ধে।
মাথো কেইডালমান পাৰ্কুপাইন দি সমুদায় ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। যি কেইডাল পাৰ্কুপাইন দিয়া হ’ল, তাকো বাৰিষাৰ ভৰা পানীৰ মাজত স্থাপন কৰাত সৰহভাগ উটুৱাই লৈ গৈছে পানীয়ে। অভিযোগ মতে কেৱল মাত্ৰ চৰকাৰে পাৰ্কুপাইন আঁচনি দিয়াৰ নামত খীৰতি গাইৰ দৰে বান নিয়ন্ত্ৰণ বিভাগতো টকা আবণ্টন দি লুণ্ঠন চলাইছে। আঁচনিসমূহ পৰিকল্পিত আৰু সঠিকভাৱে ৰূপায়ণ নোহোৱাত অঞ্চলটোত দিচাং নদীয়ে ভয়াবহ গড়াখহনীয়াৰ ৰূপ লৈছে। সাম্প্ৰতিক বানত দিচাং নদীয়ে গাঁৱখনৰ ২০ ঘৰ কৃষকৰ প্ৰায় ১৭ বিঘা ম্যাদী পট্টাৰ খেতিৰ মাটিৰ লগতে খহাই পেলোৱাৰ লগতে অহা-যোৱা কৰাৰ একমাত্র পথটোও নদীৰ বুকুত জাহ গৈছে। ইয়াৰে পুনেশ্বৰ বড়া, ৰত্নেশ্বৰ বড়া, কোশল বড়া, বজেন বড়া, দোৰ্ণ বড়া আৰু ভদ্ৰেশ্বৰ বাইলুং ঘৰৰ লোকৰ মাটি একেবাৰে নদীৰ খহনীয়াত জাহ যোৱাত গাঁও এৰি যাবলগীয়া হৈছে। অঞ্চলটো ৰাইজে মাহমৰা সমষ্টিৰ বৰ্তমান বিজেপি চৰকাৰৰ বিধায়ক যোগেন মহনকো ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে যদিও আজিও সফলতা লাভ কৰা নাই।

Related Articles

Leave a Reply

Close