অসম

মাৰ্ঘেৰিটাত বিধায়কৰ আধাৰশিলা ভঙাক লৈ সৰৱ বিজেপি: বিৰোধীৰ প্ৰতি সন্দেহৰ আঙুলি

প্ৰথম খবৰ,লিডু: ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই ২০ জুনত স্থাপন কৰা ৩৮ নং ৰাস্ট্ৰীয় ঘাই পথৰ পৰা মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয় হৈ থাৰ্মেল লৈকে বিস্তৃত পথটিৰ আধাৰশিলা কালি নিশা কোনো দুস্কৃতিকাৰীয়ে ভাঙি পেলোৱাক কেন্দ্ৰ কৰি সৰৱ হৈ উঠিছে ভাৰতীয় জনতা পাৰ্টিৰ মাৰ্ঘেৰিটা সদৰ আৰু ব্লক মণ্ডল কমিটি । অসম পথ মেন্টেনেঞ্চ নিধিৰ অধীনত নিৰ্মাণ হবলগীয়া পথটিৰ আধাৰশিলা ভঙা কাৰ্যত বিৰোধী দলৰ কাম বুলি কৈ বিৰোধী ৰাজনৈতিক দলৰ বিৰুদ্ধে সন্দেহৰ আঙুলি টোৱাইছে দলটোৱে । সদৰ আৰু ব্লক মণ্ডলৰ সভাপতি ক্ৰমে ভাদেশ্বৰ মৰাণ আৰু ভৱেশ দত্তই যুটীয়া ভাৱে প্ৰকাশ কৰা এক প্ৰেছ বাৰ্তাৰ জড়িয়তে সমষ্টিটোত ক্ৰমাগত ভাৱে উন্নয়ন মূলক আচনি ৰূপায়ণ কৰি সৰ্বসাধাৰণৰ মাজত অধিক জনপ্ৰিয় হৈ পৰাৰ পৰিপ্ৰেক্ষিত্ৰততে ঈৰ্ষান্বিত হৈ নিশাৰ সুযোগ লৈ বিৰোধী দুস্কৃতিকাৰীয়ে এই কাৰ্য সংঘটিত কৰা বুলি প্ৰেছ বাৰ্তাটোত উল্লেখ কৰিছে । নেতাদ্বয়ে আৰক্ষী প্ৰশাসনক এই সন্দৰ্ভত উচিত তদন্তৰে দোষীক চিনাক্ত কৰি কৰায়ত্ব কৰিবলৈ আহ্বান জনোৱাৰ লগতে এনে নিকৃষ্ট কাণ্ডৰ জৰিয়তে সমষ্টি উন্নয়নৰ প্ৰতি স্থানীয় বিধায়কক বিৰত কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে ।

Related Articles

Leave a Reply

Close