অসম

মাৰ্ঘেৰিটাত সাতুৰিবলৈ গৈ এজনৰ সলিল সমাধি

প্ৰথম খবৰ লিডু: মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত মাকুম চাহ বাগিছাৰ এটি গাৰা নালা খ্যাত জুৰিত শ্যাম যানি প্ৰজা নামৰ ৩৭ বছৰীয়া যুৱক এজনৰ সলিল সমাধি ঘটে । আজি দুপৰীয়া লগৰ সমনীয়াৰ সৈতে সাতুৰিবলৈ গৈছিল যুৱক জন । সাতুৰি থাকোঁতেই জুৰিটোৰ দ’ অংশত ডুব যায় । পাছত লগৰ কেইজনে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিওঁ ইতিমধ্যে মৃত্যু ঘটে। বৰগোলাইৰ জামাদাৰ বস্তিত ঘৰ যুৱকজনৰ ৷ আত্মীয় ঘৰলৈ ফুৰিবলৈ আহি সাতুৰিবলৈ গৈ এইদৰে শোকাৱহ ভাৱে মৃত্যুক সাৱটি লয়। ঘটনাটোৱে সমগ্র অন্ঞ্চলটোত শোকৰ ছাঁ পেলাইছে। উল্লেখযোগ্য যে,গ্ৰীষ্ম কালত উৎকট গৰমৰ পৰা নিজৰ শৰীৰ শীতল কৰিবলৈ গৈ এইদৰে নৈ উপনৈ বা জান-জুৰিত সাতুৰি গা ধুবলৈ গৈ দুৰঘটনা গ্ৰস্ত হোৱাৰ ঘটনা প্ৰতিবছৰে সংঘটিত হয় ৷

Related Articles

Leave a Reply

Close