অসম

মাৰ্ঘেৰিটা কেটেতংত হস্ততাঁত প্ৰশিক্ষণ শিৱিৰৰ সফল সামৰণী

প্ৰথম খবৰ, মাৰ্ঘেৰিটা: হস্ততাঁত আৰু বস্ত্ৰশিল্পত অসমৰ লগতে গোটেই উত্তৰ-পূৰ্বাঞ্চল ৰাজ্য কেউখনৰে এক সুকীয়া স্থান আছে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত হোৱা চৰকাৰী বা বেচৰকাৰী অনুষ্ঠান সমূহে আয়োজন কৰা বিভিন্ন বাণিজ্য মেলা সমূহত অসম তথা উত্তৰ-পূৰ্বাঞ্চল শিপিনী বা কাৰিকৰ সকলে গ্ৰহণ কৰি নিজে প্ৰস্তুত কৰা বস্ত্ৰ নতুবা সামগ্ৰীৰে যথেষ্ট সমাদৰ লাভ কৰিছে লগতে আৰ্থিক ভাৱেও স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে। সেই উদ্দেশ্যকে লক্ষ্য কৰি আৰু আজিৰ মহিলা সৱলীকৰণৰ প্ৰধান ধাৰাক সাৰোগত কৰি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত কেটেতং গাঁও পঞ্চায়তৰ বৰফাকিয়াল গাঁৱৰ টাই-ফাকে জনগোষ্ঠীৰ মহিলা সকলক একত্ৰিত কৰি হস্ততাঁত আৰু বস্ত্ৰশিল্পক আৰু এখোজ আগুৱাই নিয়াৰ উদ্দেশ্যেৰে দুমাহ যোৰা প্ৰশিক্ষণ শিৱিৰৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। প্ৰশিক্ষণ কালত শিপিনী সকলক আজিৰ বজাৰৰ লগত ফেৰ মাৰিব পৰাকৈ বিভিন্ন চানেকী যুক্ত বস্ত্ৰ সামগ্ৰী, ৰঙীন সুতাৰ ব্যৱহাৰৰ প্ৰক্ৰিয়া আৰু বিশেষকৈ সামগ্ৰীসমূহৰ ব্যৱহাৰিক মানদণ্ডৰ জোখ-মাখ আদিৰ ওপৰত গুৰুত্ব দি শিকোৱাৰ লগতে বিভিন্ন ধৰণৰ বস্ত্ৰ সামগ্ৰীও প্ৰস্তুত কৰি উলিওৱা হয়। এই প্ৰশিক্ষণ শিৱিৰতো আনুষ্ঠানিক ভাৱে অনুষ্ঠিত কৰে ভাৰত চৰকাৰৰ জনজাতি কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ ট্ৰাইফেড অনুষ্ঠানটোৱে আৰু শিৱিৰতো পৰিচালনা কৰে শান্তি ক্ৰিয়েচনে । এই প্ৰশিক্ষণ শিৱিৰটোৰ সফল ভাৱে আজি সামৰণী পৰে। শিবিৰৰ লগত সংগঠিত ৰাখি মাৰ্ঘেৰিটাৰ বৰফাকিয়াল প্ৰাথমিক বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা এখন সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত অংশ লয় গাঁও খনৰ গাঁওবুঢ়া , ট্ৰাইফেডৰ ৰিজুনেল মেনেজাৰ (অসম), শান্তি ক্ৰিয়েচনৰ মুখ্য পৰিচালক আৰু বৰফাকিয়াল এল.পি.স্কুলৰ প্ৰধান শিক্ষকৰ লগতে অঞ্চলটোৰ গণ্য মান্য ব্যক্তি সকলে । উক্ত অনুষ্ঠানত প্ৰশিক্ষিত শিপিনী সকলক একোখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে বস্ত্ৰশিল্প বজাৰ খনত চাহিদা অনুযায়ী থলুৱা হস্ততাঁতত নিৰ্মিত সামগ্ৰী প্ৰস্তুত কৰি নিজকে কি দৰে স্বাৱলম্বী কৰি তুলিব পাৰি সেই সম্পৰ্কে দিহা দিয়া হয়। এই সমস্ত কাৰ্য্যসূচীৰ আৰম্ভণীৰে পৰা বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰে মাৰ্ঘেৰিটা অঞ্চলৰ স্থানীয় যুৱক তথা বস্ত্ৰশিল্প উদ্যোগৰ লগত ওত:প্ৰোতভাৱে জড়িত অঞ্জন জ্যোতি মজুমদাৰ আৰু বৰফাকিয়াল গাঁৱৰ উদ্যোমী আৰু মহিলা আমপাও ৱেংকেন। যি সময়ত বিদেশী বস্ত্ৰ তাঁত শিল্পৰ সামগ্ৰীয়ে অসম তথা ভাৰতীয় বজাৰ দখল কৰি আহিছে সেই সময়তে এনে ধৰণৰ হস্ততাঁত প্ৰশিক্ষণ শিবিৰে অঞ্চল সমূহৰ মহিলা সকলক স্বাৱলম্বী কৰি তুলাত সহায়ক হ’ব বুলি আশা কৰা হৈছে।

Related Articles

Leave a Reply

Close