অসম

মুছলপুৰত উত্তপ্ত পৰিস্থিতি: ৰাইজৰ ৰোষত ৩ বাইক চোৰ

প্ৰথম খবৰ, মুছলপুৰ: বাক্সা জিলাৰ সদৰ মুছলপুৰৰ সপ্তাহিক বজাৰত এগৰাকী ব্যক্তিৰ এখন বাইক চোৰ কৰিব লোৱাৰ সময়তে তিনিজন বাইক চোৰক বজাৰৰ উন্মুত্ত একাংশ লোকৰ গণপ্ৰহাৰত ধাৰাসায়ী হয় চোৰ কেইজন। এই ঘটনাক লৈ বজাৰ খনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। চোৰকেইজন ক্রমে- বৰপেটাৰ বিনোদ দাস, কোকৰাঝাৰৰ চোনু সিং আৰু বঙাইগাঁৱৰ জনি দাস। অৱশ্যে ঘটনাস্থলীত মুছলপুৰ আৰক্ষী উপস্থিত হোৱাৰ পিছতো আৰক্ষীৰ সম্মুখতে একাংশ লোকে খেদি খেদি চোৰ কেইজনক প্ৰহাৰ কৰিবলৈ যায়। আৰক্ষীয়ে তিনিওকে উদ্ধাৰ কৰি সংকটজনক অৱস্থাত মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। উল্লেখ্য যে পূৰ্বেও মুছলপুৰ অঞ্চলত কেইবাখনো বাইক এই তিনিওজনে চুৰি কৰা বুলি আৰক্ষীয়ে মন্তব্য কৰে। ইতিমধ্যে আৰক্ষীয়ে চোৰকেইজনৰ পৰা বাইক চুৰি কাৰ্যত ব্যৱহৃত এপাত চাবি উদ্ধাৰ কৰে।

Related Articles

Leave a Reply

Close