অসম

মুছলপুৰত দিন ডকাইতি: শিক্ষয়ত্ৰীৰ পৰা লুটিলে ধন

প্ৰথম খবৰ,মুছলপুৰ: বাক্সাৰ সদৰ মুছলপুৰত দিন ডকাইতিৰ ঘটনা ৷ বাইকত অহা দুৰ্বৃত্তই লুটিলে শিক্ষয়িত্ৰীৰ টকা ৷ দুৰ্বৃত্তৰূপী ডকাইতে ধাৰাবাহিকভাবে মুছলপুৰত সংঘটিত কৰিছে এটাৰ পাছত আন এটা ঘটনা ৷ শুকুৰবাৰেও সংঘটিত হল অনুৰূপ ডকাইতিৰ ঘটনা ৷ ঘটনাৰ বিৱৰণী মতে, শুকুৰবাৰে মুছলপুৰ এচ বি আইৰ পৰা টকা উলিয়াই মতিৰাম প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰীণা কলিতাই খোজ কাঢ়ি সমীপৱৰ্তী নিজ ঘৰলৈ গৈ থকাত স্থানীয় শিৱ মন্দিৰৰ ওচৰত বাইকত অহা দুৰ্বৃত্তই শিক্ষয়িত্ৰীগৰাকীক আক্ৰমণ কৰি বেগটো কাঢ়ি লৈ উধাও হয় ৷ দুৰ্বৃত্তই কাঢ়ি নিয়া বেগটোত নগদ পোন্ধৰ হাজাৰ টকা, এ টি এম দুখন, মোবাইলসহ গুৰুত্তপূৰ্ণ নথিপত্ৰ আছিল ৷ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছে৷ প্ৰকাশ যে, মুছলপুৰত এনে অনুৰূপ ঘটনা পূৰ্বেও কেবাটাও সংঘটিত হৈছে যদিও আৰক্ষীয়ে এনে দুস্কাৰ্য ৰোধ কৰিবলৈ সক্ষম হোৱা নাই ।

Related Articles

Leave a Reply

Close