অসম

মেধাৱী ছাত্ৰ অভিষেকক সম্বৰ্ধনাঃ গৰিমা চুতীয়াক সহায়ৰ হাত ছাত্ৰ মুক্তি, যুৱ ছাত্ৰ পৰিষদৰ

প্ৰথম খবৰ, চিচিবৰগাঁওঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৯৫ শতাংশ লাভ কৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ডিব্ৰুগড়স্থিত চেক্ৰেড হাৰ্ট স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা অভিষেক চুতীয়াক ছাত্ৰ মুক্তি, যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতি তথা গাঁওবাসীৰ সহযোগত চিচি চৌখামটিংস্থিত বাসগৃহত সম্বৰ্ধনা জনোৱা হয়। অভিষেক চৌখামটিং গাঁৱৰ মনিবৰ চুতীয়া আৰু ৰুবি চুতীয়াৰ একমাত্ৰ পুত্ৰ। এফালে আনন্দৰ বন্যা আৰু আনফালে কন্যাৰ সাফল্যত চকুৰে বাট নেদেখা হৈছে চিচিবৰগাঁওৰ গড়মৰা ৰহঢলাস্থিত ভেন্সাৰ হাইস্কুলৰ কেৰাণী লম্বেশ্বৰ চুতীয়া। শংকৰদেৱ শিশু নিকেতন চিচিবৰগাঁৱৰ পৰা ৭৯.৬৬ শতাংশসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা গৰিমাৰ উচ্চ শিক্ষাৰ বাবে সন্মুখত প্ৰাচীৰ থিয় দিছে। বাঁহৰ বেৰ, তামোলৰ খুঁটা, টিনৰ চালিৰে এটা জৰাজীৰ্ণ ঘৰৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰীগৰাকীক ছাত্ৰ মুক্তি, যুৱ ছাত্ৰ পৰিষদ চিচিবৰগাঁওৰ আঞ্চলিক সমিতিয়ে প্ৰথম পৰ্যায়ত কিতাপ- পত্ৰৰ সম্পূৰ্ণ দায়িত্বৰ লগতে দ্বিতীয় পৰ্যায়ত সামৰ্থ অনুসৰি সহায়ৰ হাত আগবঢ়াব বুলি সমিতিদ্বয়ৰ বিষয়ববীয়া ৰুদ্ৰ ভূঞা আৰু তপন শইকীয়াই জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Close