অসমশীৰ্ষ

মৰাণত ৫৩৪৬ বৰ্গফুট আকাৰৰ কেনভাচত মোডীৰ প্ৰতিচ্ছবি অংকন: অভিলেখ গঢ়াৰ লক্ষ্য দিপু বৰাৰ

মৰাণৰ পৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এখন বৃহৎ পেইন্টিং প্ৰস্তুতেৰে ইতিহাস সৃষ্টিৰ দিশে মৰাণৰ খোৱাং চাৰিআলিৰ ছাত্ৰ দিপু বৰাৰ ৷ মুঠ ৫৩৪৬ বৰ্গফুট আকাৰৰ কেনভাচত মোডীৰ প্ৰতিচ্ছবি অংকন কৰিলে দিপুৱে ৷ পুৱা ৮ বজাৰ পৰা আৰম্ভ কৰি বিয়লি ৩-২০ বজাত সমাপ্ত কৰে এই অংকন ৷ মৰাণ মহাবিদ্যালয়ৰ স্নাতক বৰ্ষৰ ছাত্ৰ দিপুৰ এই ব্যতিক্ৰমী অংকন প্ৰত্যক্ষ কৰিবলৈ বহু লোকৰ সমাগম ঘটে খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৷ খোৱাং চাৰিআলিৰ বাসিন্দা তথা ভগামুৰ এম ই স্কুলৰ প্ৰধান শিক্ষক কমল চন্দ্ৰ বৰাৰ কনিষ্ঠ পুত্ৰ দিপু বৰাই ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আদৰ্শত আদৰ্শাম্বিত হৈ তেওঁৰ যাত্ৰ পথত আগুৱাই গৈছে । মোডীৰ বৃহৎ আকাৰৰ প্ৰতিচ্ছবিখন অংকন কৰাৰ লগতে তেওঁৰ অংকন কৰা মোডীৰ এশখন প্ৰতিচ্ছিও প্ৰদৰ্শন কৰে ছাত্ৰজনে । ছাত্ৰজনে অংকন কৰা মোডীৰ প্ৰতিচ্ছবি সমূহ নিজহাতে মোডীক প্ৰদান কৰিব বুলি জনায় ।

Related Articles

Leave a Reply

Close