অসমশীৰ্ষ

যুৱতীক অশ্লীল ইংগিত দিয়াক লৈ হোজাইত লংকাকাণ্ড: আৰক্ষীৰ কন্দুৱা গেছ,লাঠীচালনা

প্ৰথম খবৰ, হোজাই: হোজাইৰ নিউ salt & pepper ৰেষ্টুৰেণ্টৰ সন্মুখত উত্তেজনা। ৰেষ্টুৰেণ্টত দুজনী যুৱতীক দুজন যুৱকে অশালীন ইংগিত কৰাক কেন্দ্ৰ কৰি এই উত্তেজনা পৰিস্থিতি। ঘটনাক বাধা প্ৰদান কৰা লোকক মাৰপিট ৮ – ৯ জনীয়া উদণ্ড যুৱকৰ দলটোৰ। ঘটনাস্থলীত নিৰ্দোষী লোকক হোজাই DSP আৰু আৰক্ষী কনিষ্টবলে কৰা অসন্মানক কেন্দ্ৰ কৰি প্ৰতিবাদ। ঘটনাক কেন্দ্ৰ কৰি ৰাইজে পথ অৱৰোধ কৰি আৰক্ষী বিৰোধী শ্লোগানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে। আৰক্ষীলৈ শিলাবৰ্ষণ। কেইবাজনো crpfৰ জোৱান আহত । আৰক্ষী কন্দুৱা গেছ প্ৰয়োগ কৰা লগতে লাঠীচালনা। হোজাই চহৰত অনিৰ্দিষ্ট কাললৈ ১৪৪ ধাৰা জাৰি।

Related Articles

Leave a Reply

Close