অসম

যোৰহাটৰ কাকজানত অচিনাক্ত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ,কাকজান: যোৰহাট জিলাৰ লাহদৈগড় থানাৰ অন্তৰ্গত কাকজান গড়গেৱা পুলৰ তলত আজি পুৱা পানীত পৰি থকা অৱস্থাত উদ্ধাৰ হয় এটা অচিনাকী মৃতদেহ। অন্য দিনাৰ দৰে পুৱা ৫ মান বজাত স্থানীয় বাসিন্দা সকলে পথৰ দাঁতিত খোজ কাঢ়ি থকা সময়তে গৰগেৱা পুলৰ পানীত পৰি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে। আনহাতে বৰ্তমানলৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা নাই যদিও স্থানীয় লোকৰ মতে কোনো লোকে হত্যা কৰি গড়গেৱা পুলৰ তলত পেলাই যায় বুলি মন্তব্য কৰে ৷

Related Articles

Leave a Reply

Close