অসম

লংকাত যুৱতী নিৰুদ্দেশৰ ঘটনা

প্ৰথম খবৰ,লংকা: লংকা চহৰৰ কাকী আৰক্ষী থানৰ অন্তৰ্গত চলচলি গাঁৱৰ পৰা  ১৬ জুন তাৰিখে এগৰাকী 20 বছৰীয়া মুকবধি যুৱতী নিৰুদ্দেশ হোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, যোৱা ১৬ জুন শুক্ৰবাৰে পুৱা আঠ মান বজাত ঘৰৰ পৰা কিবা কাৰণত ওলাই যোৱাৰ পাছতে পিলপিলি বেগম নামৰ ২০ বছৰীয়া এই যুৱতী গৰাকী সন্ধানহীন হৈ পৰে। পৰিয়ালৰ লোকে যুৱতী গৰাকীৰ সন্ধানত নিজৰ আত্মীয় স্বজনৰ ঘৰৰ লগতে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰি কোনো সম্ভেদ নোপোৱাত ১৯ জুন তাৰিখে কাকী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । মূকবধিৰ যুৱতী গৰাকী এনেদৰে নিৰুদ্দেশ হোৱাৰ ঘটনাই পৰিয়ালটোক চিন্তিত কৰি তুলিছে। ইফালে, যুৱতী গৰাকী মাতৃয়ে পিলপিলি বেগম কোনো দুষ্ট চক্ৰৰ কৱলত পৰি আবদ্ধ হৈ থকা সন্দেহ কৰিছে। সন্ধানহীন যুৱতী গৰাকীৰ কিবা সম্ভেদ পালে 7896569475 আৰু 8471889654 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে মাতৃয়ে ।

 

Related Articles

Leave a Reply

Close