অসম
লখিমপুৰত শিশু শ্ৰমিক বিৰোধী দিৱস পালন

প্ৰথম খবৰ, লখিমপুৰ : সমগ্ৰ বিশ্বৰ লগতে আজি লখিমপুৰতো জিলা প্ৰশাসন আৰু বিভিন্ন অনুষ্ঠানে বিশ্ব শিশুশ্ৰম বিৰোধী দিৱস পালন কৰে । আজি সৰ্ব শিক্ষা অভিযান আৰু লখিমপুৰ জিলা শ্ৰম আৰু কল্যাণ বিভাগৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে লখিমপুৰ জিলা পুথিভঁড়ালত শিশু শ্ৰম বিৰোধী দিৱস পালন কৰা হয় । অতিৰিক্ত উপায়ুক্ত তথা সৰ্ব শিক্ষা অভিযানৰ লখিমপুৰ জিলা সমন্বয়ক দীপাংকৰ দাসৰ পৌৰহিত্যত অনুষ্ঠিত বিশ্ব শিশু শ্ৰম বিৰোধী দিৱসৰ মুকলি সভাখনত অংশগ্ৰহণ কৰি লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাৰায়ণ কুৰি, উপায়ুক্ত বৰুণ ভূঞা, শিশু সুৰক্ষা বিষয়া স্মৃতি দত্ত বৰা, জিলা শ্ৰম বিষয়া জয়প্ৰকাশ আগৰৱালা, বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক কনকেশ্বৰ ডেকা আদিয়ে বক্তব্য আগবঢ়ায় । সৰ্বশিক্ষা অভিযানৰ লখিমপুৰ জিলাৰ আঁচনি সমন্বয়ক (সমাজ জড়িতকৰণ) নিভাৰাণী শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা আৰু খণ্ড বিষয়া অজয় বিপ্লৱ নাথে আঁত ধৰা সভাখনত অতিৰিক্ত উপায়ুক্ত মৌচুমী বৰুৱা, অতিৰিক্ত আয়ুক্ত বেণু মুছাহাৰী, জিলা তথ্য আৰু জনসংযোগ বিষয়া সঞ্জীৱ কুমাৰ বৰুৱাও উপস্থিত থাকে । অন্যহাতে জিলা প্ৰশাসন, শ্ৰদ্ধা এনজিঅৰ উদ্যোগত আৰু শিশু শ্ৰমিক প্ৰশিক্ষণ কেন্দ্ৰৰ সৌজন্যতো বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস পালন কৰা হয় । শিশু শ্ৰমৰ বিৰুদ্ধে তেওঁলোকে উত্তৰ লখিমপুৰ নগৰৰ মাজেৰে এক সমদলো বাহিৰ কৰে ।