অসম

লখিমপুৰ জিলাৰ নাওবৈচাত অসম জাতিয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ

প্ৰথম খবৰ, নাওবৈচা: লখিমপুৰ জিলাৰ নাওবৈচাত অসম জাতিয়তাবাদী যুৱ পৰিষদে নাওবৈচা আঞ্চলিকে স্থানীয় বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে৷ যোৱা এমাহ ধৰি নাওবৈচাৰ শিঙৰা নদীৰ বাঢ়নী পানীয়ে তাণ্ডৱ সৃষ্টিৰে নদী পৰিয়া ৰাইজক জলাকলা খোৱাই অহাৰ তৎস্বত্বও প্ৰশাসন ও স্থানীয় বিধায়ক তথা সাংসদ জনাৰ বানাক্ৰান্তৰ খবৰ লবলৈ আহৰি হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে৷ বিধায়কে স্বেচ্ছাৰীতাভাৱে সমষ্টি নচলাবলৈ অসম জাতীয়তাবাদী যুৱ পৰিষদে সকিয়াই দিছে। সুবিধাবাদী ৰাজনীতি নকৰি সমষ্টিবাসী উন্নয়নৰ হকে কাম কৰিবলৈ জনাইছে৷ নাওবৈচা আঞ্চলিক শাখা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিষয় ববীয়াই অভিযোগ আনিছে ৷ স্থানীয় বিধায়ক মুৰ্দ্দাবাদ,স্থানীয় বিধায়কৰ স্বেচ্ছাৰিতা নচলিব ধ্বনিৰে ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে ৷ ইমানতো যদি বিধায়ক তথা প্ৰশাসনৰ গা নলৰে অনাগত দিনত ইয়াতকৈ জংগী প্ৰতিবাদ জনাবলৈ বাধ্য হ’ব বুলি অসম জাতীয়তাবাদী যুৱ পৰিষদ নাওবৈচা আঞ্চলিকে জনাইছে ৷

Related Articles

Leave a Reply

Close