অসম

লাকুৱাত কাচিদা অনুস্থান

প্ৰথম খবৰ,শিমলুগুৰি: এইখন শংকৰ আজানৰ দেশ। হিন্দু-মুছলিমৰ সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই আছে অসমীয়া জাতি। এই সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি পৱিত্ৰ ৰমজান মাহৰ বিশেষ কচিদা অনুস্থানে মুহিত কৰিলে দৰ্শকক। শিৱসাগৰ জিলাৰ লাকুৱা শিলাসাঁকো কচিদা জামাতৰ উদ্যোগত প্ৰথমবাৰৰ বাবে শুক্ৰবাৰে আয়োজন কৰা হয় এই কচিদা অনুস্থানৰ। য’ত আজি পুৱালৈকে কচিদা পৰিবেশন কৰা হয়। গড়মূৰত ইয়াৰ লগত সংগতি ৰাখি এক সম্বৰ্ধনা অনুস্থান অনুস্থিত হয়। অনুস্থানত শিমলুগুৰি আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিৎ বৰাক বিশেষভাৱে ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ইছলামিক পৰম্পৰাগত কচিদা পৰিৱেশন কৰে জনপ্ৰিয় শিল্পী গৰাকীয়ে ৷

Related Articles

Leave a Reply

Close