অসম

লাকুৱাত যুৱ ছাত্ৰ পৰিষদৰ শৈক্ষিক বঁটা

প্ৰথম খবৰ, শিমলুগুৰি: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লাকুৱা আঞ্চলিক সমিতিয়ে প্ৰতিবছৰে দি অহা শৈক্ষিক বঁটা এইবাৰো প্ৰদান কৰা হয়।হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰাইদেউ জিলাৰ বৃহত্তৰ লাকুৱা অঞ্চলৰ ভিতৰত আটাইতকৈ উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হোৱা বিদ্যালয়খনিক প্ৰদান কৰা হয় যুৱ ছাত্ৰ পৰিষদৰ শৈক্ষিক বঁটা।এইবাৰ এই বঁটা লাভ কৰে লাকুৱা মডেল স্কুলে। সৰ্বাধিক ৫০ গৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিদ্যালয় কৰ্তৃপক্ষক আজি এই বঁটা প্ৰদান কৰা হয়। এই উদ্দেশ্যে মডেল স্কুলত অনুস্থিত হোৱা এক অনুস্থানত এই বঁটা প্ৰদানৰ লগতে কীৰ্তি ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জনোৱা হয়। অনুস্থানত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুতীয়া সম্পাদক বিশ্বজিৎ টিপমীয়া, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক ডঃ পৱন গগৈৰ লগতে বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকে। অনুস্থানত সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শিত হয়।

 

Related Articles

Leave a Reply

Close