অসম

লাহোৱালত চাহ জনগোষ্ঠী দুখীয়া ছাত্ৰ-ছাত্ৰী সকলক চাইকেল বিতৰণ

প্ৰথম খবৰ, লাহোৱাল: লাহোৱাল মটক চাহ বাগিছা কৰম ভৱনত আজি চাহ জনগোষ্ঠী দুখীয়া ছাত্ৰ-ছাত্ৰী সকলক চাইকেল বিতৰণ কৰে । অনুষ্ঠানত ডিব্ৰুগড় লোক সভাৰ সাংসদ ৰামেশ্বৰ তেলী, লাহোৱাল সমষ্টি বিধায়ক ঋতুপন বৰুৱা, চাহ উন্নয়ন কল্যাণ পৰিষদৰ ডিব্ৰুগড় জিলাৰ সভাপতি সুশীল তাছা , বিজেপি জিলা উপ সভাপতি পদ্ম গগৈ , বিজেপি লাহোৱাল মণ্ডলৰ সভাপতি সজ্ঞয় হাজৰিকাকে মুখ্য কৰি কেইবাখনো বাগিছা ছাত্ৰ ছাত্ৰী অভিভাৱক স্থানীয় ৰাইজ উপস্থিত আছিল । লাহোৱাল সমষ্টিৰ অধীনস্থ চাহ-বাগিছা অঞ্চলৰ দুশ ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰণ কৰিব বুলি চাহ উন্নয়ন পৰিষদৰ ডিব্ৰুগড় জিলা সভাপতি সুশীল তাছায়ে জানিবলৈ দিয়া ।

Related Articles

Leave a Reply

Close