অসম

লাহোৱালত বৰ্তমান কপাই তুলিছে মহিলা হত্যাকাণ্ডৰ ঘটনা

প্ৰথম খবৰ, লাহোৱাল: শিহৰণকাৰী মহিলা হত্যা কাণ্ডৰ ঘটনাই সমগ্ৰ ডিব্ৰুগড় জিলাৰ ভিতৰে বাহিৰে বৰ্তমান কপাই তুলিছে । নাৰী হত্যা বিৰুদ্ধে জাগি উঠিছে জিলাৰ খনৰ অন্যতম সক্ৰিয় নাৰী সংগঠন চেতনা প্ৰগতিশীল নাৰী মঞ্চ। যোৱা কালি ডিব্ৰুগড় নিমালি গাঁৱৰ ৰামনগৰ নিবাসী মঙলী পাল নামৰ মহিলাগৰাকী ৰহস্য জনক মৃত্যুৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে । হত্যা কাণ্ডৰ সৈতে জড়িত দোষীক কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে সংগঠনটোৱে। বন্ধৰ কোঠাৰ ভিতৰত ১৮ মহীয়া সন্তান সহ অগ্নিদগ্ধ হৈ মহিলাৰ মৃত্যু হোৱা ঘটনা কোনোপধ্যেই আত্মহত্যা হ’ব নোৱাৰে বুলি সংগঠন টোৱে দাবী কৰিছে । ই এক পৰিকল্পিত হত্যা কাণ্ড বুলি চেতনা প্ৰগতিশীল নাৰী মঞ্চই অভিযোগ তুলিছে । উল্লেখযোগ্য যে, যৌতুক সংক্ৰান্তীয় বিষয়কলৈ বোৱাৰী গৰাকীক স্বামী পক্ষৰ পৰা দীৰ্ঘদিন ধৰি নিৰ্যাতন চলাই অহাৰ অভিযোগ কৰিছে মঙলী পিতৃ গৃহই । এনে নিকৃষ্ট ঘটনাৰ উচিত তদন্ত কৰি প্ৰকৃত দোষীক কঠোৰ শাস্তি বিহিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে নাৰী সংগঠনটোৱে । চেতনা প্ৰগতিশীল নাৰী মঞ্চৰ সম্পাদিকা অঞ্জু বৰকটকীয়ে উল্লেখ কৰিছে যে যৌতুক দাবীৰ দৰে জঘন্য অপৰাধ নিয়ন্ত্ৰণৰ বাবে দৃষ্টান্তমূলক শাস্তি দিব লাগিব বুলি উল্লেখ কৰে । অন্যহাতে লক্ষী উৰাঙক ব্যৱহাৰ কৰি ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিব বিচৰা বিজেপি দলৰ একাংশ কৰ্মীৰ কাৰ্য্যৰো তীব্ৰ বিৰুধীতা কৰিছে মঞ্চই । দহ বছৰ আগৰ ঘটনাৰ পুনৰ টানি আনি নাৰী সন্মান হানি কৰাৰ দৰে কাৰ্য্য জঘন্য অপৰাধ বুলি গণ্য কৰি দোষীক উপযুক্ত শাস্তি দিবলৈ সংশ্লিষ্ট কতৃপক্ষক চেতনা প্ৰগতিশীল নাৰী মঞ্চই দাবী জনাইছে।

Related Articles

Leave a Reply

Close