অসম

লোকসেৱা আয়োগৰ পৰীক্ষাত নিষিদ্ধ কৰিছে মবাইল, বৈদ্যুতিক যন্ত্ৰ

প্ৰথম খবৰ,শিৱসাগৰ : অহা দুই জুলাইত অনুষ্ঠিত হব লগা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বহিব লগা পৰীক্ষাৰৰ্থী সকলৰ বাবে পৰীক্ষাৰ গৃহত মবাইল ফোন, পেজাৰ, ব্লুটুথ, হেডফোন, কেলকুলেটৰ আদি বৈদ্যুতিক সামগ্ৰী সমুহ নিষিদ্ধ কৰিছে । তদুপৰি কিতাপ, স্কেল, বেগ আদিওঁ পৰীক্ষাৰ গৃহৰ ভিতৰলৈ নিব নোৱাৰিব। এইবিলাক সামগ্ৰী ৰখাৰো কোনো নিদিষ্ট ঠাই জিলা প্ৰসাশনে ব্যৱস্থা কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিছে । জিলা প্ৰসাশনে দিয়া নিষিদ্ধ ঘোষণা সন্দৰ্ভত জিলা জনসংযোগ বিষয়া সাৰদী গগৈয়ে এক প্ৰেছ বাৰ্তা যোগে জানিবলৈ দিছে ।

Related Articles

Leave a Reply

Close