অসমগুৱাহাটীশীৰ্ষ

শতবৰ্ষীয় সাহিত্য সন্মান কিয় নলয় বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে?

প্ৰথম খবৰ, গুৱাহাটীঃ কিছুদিন পূৰ্বে অসম সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি বৰাই ঘোষণা কৰা অসম সাহিত্য সভাৰ শতবৰ্ষীয় সাহিত্য সন্মান সবিনয়ে প্ৰত্যাখান কৰিছে বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে। বিশিষ্ট গল্পকাৰগৰাকীয়ে সভাৰ সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰালৈ এক পত্ৰত লিখিছে-‘‘ আপোনালৈ তথা সাহিত্য সভাৰ সমূহ কৰ্মকৰ্তালৈ মোৰ শুভেচ্ছা যাঁচিলো। যোৱা ৩ জুনত এক বিজ্ঞপ্তিযোগে আপোনালোকে সভাপতিৰ শতবৰ্ষীয় সাহিত্য সন্মান ২০১৭ৰ বাবে মোক মনোনীত কৰা বুলি জনাইছে। আপোনালোকৰ এই বিবেচনাৰ বাবে মই বাধিত। কিন্তু সন্মানসহকাৰে জনাও যে কিছু ব্যক্তিগত আৰু কিছু নৈৰ্ব্যক্তিক কাৰণত মই সন্মান গ্ৰহণ কৰিব নোৱাৰিম। মোৰ এই সিদ্ধান্ত একান্তই মোৰ নিজৰ আৰু স্বাভাৱিকভাবে ই আপোনাক, সাহিত্য সভাক তথা আন সন্মানপ্ৰাপকসকলক কোনোধৰণে অৱমাননা কৰাটো নুসূচায়।’’- উল্লেখ্য যে, অসমীয়া গদ্য সাহিত্যৰ ক্ষেত্ৰত এক নিজস্ব শৈলীৰে গল্প লিখা মনোজ কুমাৰ গোস্বামীকে ধৰি কেইবাগৰাকী সাহিত্যিকক চলিত বৰ্ষত শতবৰ্ষীয় সাহিত্য সন্মান দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। অহা মাহত এক ৰাজহুৱা অনুষ্ঠানত এই সন্মান প্ৰদান কৰাৰ কথাও আছিল, এই বিষয়টো সন্দৰ্ভত সাহিত্য সভাৰ ফালৰ পৰা অৱশ্যে এতিয়াও কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া অহা নাই। কিন্তু বঁটা-বাহন-সন্মানৰ পৰা নিজকে নিলগাই ৰাখি সাহিত্য চৰ্চা কৰি সাহিত্যসেৱী বহুতকে উত্সাহ যোগাইছে গল্পকাৰ গোস্বামীৰ এই সিদ্ধান্তই। এলুমিনিয়ামৰ আঙুলি, ভুল সত্য, ঈশ্বৰহীনতা আদিৰ দৰে বহুজন পঠিত গল্প, উপন্যাসৰ স্ৰষ্টা গোস্বামী সম্প্ৰতি ছেটেলাইট চেনেল ডিৱাই৩৬৫ৰ মুখ্য সম্পাদক।

Related Articles

Leave a Reply

Close