অসম

শিৱসাগৰত পথ দুৰ্ঘটনা

প্ৰথম খবৰ, শিৱসাগৰ: শিৱসাগৰ নগৰৰ মাজ মজিয়া দল মুখ চাৰিআলিত পথ দূৰ্ঘটনাত এজন যুৱক গুৰুতৰভাবে আহত হয়। ঘটনাৰ বিৱৰণীত অতি ব্যস্তপূৰ্ণ শিৱসাগৰ নগৰৰ দল মুখ চাৰিআলিত নিদিষ্ট স্থানত এজন বাইক আৰোহী পাৰ হ’বৰ বিচাৰোতেই হঠাৎ অন্য এজন লোক পথ পাৰ হ’ব বিচাৰে। সেইজন লোকক বচাবলৈ বাইক আৰোহীজনে জোৰেৰে বাইক ব্ৰেক ধৰাত বাইক আৰোহী জন বাইকৰ পৰা চিতিকি পথ দিভাইদাৰত পৰে। আৰু বাইক আৰোহীজন গুৰুতৰভাবে আহত হয়। আঘাট প্ৰাপ্ত যুৱক জনক উপস্থিত জেষ্ঠ সাংবাদিক অপূৰ্ব্ব ভূঞাৰ তৎপৰতাত যুৱকজনক স্থানীয় প্ৰগতি নাৰ্চিং চিকিৎসালয়লৈ নিয়া হয়।

Related Articles

Leave a Reply

Close