অসম

শিৱসাগৰত প্ৰধানমন্ত্ৰী উজ্জলা যোজনা আঁচনিৰ শুভাৰম্ভ

প্ৰথম খবৰ,শিৱসাগৰ : প্ৰধানমন্ত্ৰী উজ্জলা যোজনা অধীনত আজি শিৱসাগৰ জিলাত দৰিদ্ৰ সীমাৰেখাৰ হিতাধিকাৰী সকলক বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কৰি উক্ত আঁচনি খন শুভ উদ্বোধন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই । শিৱসাগৰ জিলা উপায়ুক্তৰ তত্বাৱধানত অনুষ্ঠিত উক্ত উদ্বোধনী অনুষ্ঠানত আই অ চিৰ বিষয়া জুনু বৰুৱাই হিতাধীকাৰী সকলক ৰন্ধন গেছ ব্যৱহাৰ ওপৰত বহল ব্যাখ্যা দাঙি ধৰে ৷ সভাত শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ভবেন মহন, শিৱসাগৰ জিলা গ্ৰাম্য উন্নয়ন অভিকৰণ সঞ্চালক, শিৱসাগৰ জিলা অসামৰিক খাদ্য আৰু যোগান বিভাগৰ সমূহ বিষয়া কৰ্মচাৰীৰ লগতে শিৱসাগৰ পৌৰপতি, এল পি জিৰ ডিলাৰ তথা এজেঞ্চি সমূহৰ স্বতাধীকাৰীসকল উপস্থিত আছিল । জিলা জনসংযোগ বিষয়াগৰাকীৰ চেষ্টাত আজি এই অনুষ্ঠানত হিতাধীকাৰী সকলৰ সহযোগিতাত তথা উপস্থিতিয়ে জিলা উপায়ুক্ত গৰাকীয়ে সন্তোষ প্ৰকাশ কৰে ৷ আজি এই অনুষ্ঠানৰ জৰিয়তে ৩১৫১ জন হিতাধীকাৰীক বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কৰা হৈছে বুলি ঘোষণা কৰে।

Related Articles

Leave a Reply

Close