অসম

শোণিতপুৰৰ ৰঙাপৰাত বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত পথ অৱৰোধ আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

প্ৰথম খবৰ, বালিপৰা: শোণিতপুৰৰ ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ ৰঙাপৰা নগৰ সংযোগী তথা দীৰ্ঘদিনৰেপৰা বিধ্বস্ত বাট-পথসমূহৰ শীঘ্ৰে নিৰ্মাণৰ দাবীত আজি ৰঙাপৰা নগৰৰ মাজমজিয়াত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে। ৰঙাপৰা শাখা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙাপৰা আঞ্চলিক সমিতিয়ে আজি পথ অৱৰোধ কৰি বিভিন্ন শ্লোগান দি ৰঙাপৰাৰ আকাশ বতাহ উত্তাল কৰি তোলে। প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে তাৰ প্ৰতিলিপি অসমৰ মুখ্যমন্ত্ৰী আৰু সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক মন্ত্ৰী পল্লৱলোচন দাসলৈ প্ৰেৰণ কৰি ৰঙাপৰা নগৰ সংযোগী বাট-পথবোৰ নিৰ্মাণ কৰাৰ দাবী জনায়।প্ৰতিবাদকাৰীসকলে ৰঙাপৰাৰ বাট-পথ নিৰ্মাণ তথা মেৰামতি কৰাৰ ক্ষেত্ৰত ৰঙাপৰা নগৰ সমিতিৰ আওকনীয়া মনোভাৱকো সমালোচনা কৰে।

Related Articles

Leave a Reply

Close