অসম

সুদীৰ্ঘ দুমাহ ২৯ দিনৰ অন্তত চিলাপথাৰ কাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিলে ধেমাজি আৰক্ষীয়ে

প্ৰথম খবৰ, ধেমাজি:  অৱশেষত সুদীৰ্ঘ দুমাহ ২৯ দিনৰ অন্তত চিলাপথাৰ কাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিলে ধেমাজি আৰক্ষীয়ে ৷ মুঠ ৫৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল ৷ চাৰ্জশ্বিটৰ লগত video কেছেট আৰু পেন ড্ৰাইভো দাখিল আৰক্ষীৰ ৷ চাৰ্জশ্বিটত উল্লিখিত ১৪ জন আচামীৰ নাম আৰ্মচ এক্টত সন্নিবিষ্ট ৷ ৫ জনক ষড়যন্ত্ৰকাৰী হিচাপে চাৰ্জ শ্বিটত উল্লেখ কৰা হৈছে ৷১ জন জুভেনাইল অপৰাধীও আছে চাৰ্জশ্বিটত। মুঠ ৪২ খন কেচ ডায়েৰীসহ বৃহতৎ কলেবৰৰ চাৰ্জ শ্বিটৰ লগত
ঘটনাস্থলীৰ পৰা জব্দ দা , চোকা অস্ত্ৰ , বেনাৰ – ফেষ্টুন আদিও আদালতত জমা দিছে আৰক্ষীয়ে ৷
সুবোধ বিশ্বাস , সুভাস বিশ্বাস , সহদেৱ দাস বেনীমাধৱ ৰয় , কৃপেশ বৈদ্য , মংগল কৃষ্ণ দাস ৷ এইকেইজন আছিল চিলাপথাৰ কাণ্ডৰ মূল ষড়যন্ত্ৰাৰী ৷ চিলাপথাৰ কাণ্ডৰ আগনিশা ৫ মাৰ্চত পৰিকল্পনা কৰা হৈছিল চিলাপথাৰ কাণ্ডৰ ৷ মূল ৪৭ জনক সাক্ষী হিচাবে উল্লেখ কৰা হৈছে চাৰ্জশ্বিটত ৷

Related Articles

Leave a Reply

Close