অসম

সোৱণশিৰিৰ খহনীয়া প্ৰতিৰোধৰ দাবীত লখিমপুৰৰ বধাকৰাত টিএমপিকেৰ প্ৰতিবাদ

প্ৰথম খবৰ, লখিমপুৰ: লখিমপুৰ জিলাৰ সোৱণশিৰি নৈৰ খহনীয়াই সম্প্ৰতি জটিল ৰূপ ধাৰণ কৰিছে । শেহতীয়াকৈ সোৱণশিৰিৰ খহনীয়াই বধাকৰাৰ কাৱৈমাৰীৰ পৰা বধাকৰালৈ প্ৰায় তিনি কিলোমিটাৰ অংশত নৈখনৰ দুয়োপাৰে তীব্ৰ ভাবুকি সৃষ্টি কৰি কেইবাখনো গাওঁ নিঃচিহ্ন কৰাৰ পিছতো পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰেই পৰিৱৰ্তনকামী বিজেপি চৰকাৰেও খহনীয়া প্ৰতিৰোধত গুৰুত্ব নিদিয়াত আজি টিএমপিকে ৰ উদ্যোগত বধাকৰাৰ শতাধিক পুৰুষ মহিলাই সোৱণশিৰি নৈৰ পাৰত প্ৰতিবাদী সভা অনুষ্ঠিত কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে। শেহতীয়া বানত নকদম পঞ্চায়তৰ শালিকীপাৰ, ২ নং কাৱৈমাৰী, মঘুৱা চাপৰিৰ শতাধিক পৰিয়ালে ঘৰ এৰি নিৰাপদ ঠাইত আশ্ৰয় ল’ব লগা হোৱাৰ লগতে কদম গজিয়লা, মুছাই চুক, মিগম চুক, সোনোৱাল গাঁও, হৰিদাস, কাঁচিকটা, বেৰকেপকে ধৰি ৭ খন গাঁৱৰ বিস্তৰ কৃষিভূমি সোৱণশিৰি নৈত জাহ গৈছে । বিগত কেইবাবছৰ ধৰি সোৱণশিৰি নৈৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি অহাৰ পিছতো স্থানীয় বিধায়ক গৰাকীয়ে অগপ দলত থকা অৱস্থাতে পোন্ধৰশ কোটি টকীয়া জিঅমেট্ৰেছ প্ৰকল্পৰে খহনীয়া প্ৰতিশ্ৰুতি দিয়াৰ উপৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও বান গৰাখহনীয়া প্ৰতিৰোধৰ বাবে দিয়া সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হৈছে । এনে পৰিপ্ৰেক্ষিতত আজি বানবিধ্বস্ত ৰাইজে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰেই বৰ্তমানৰ বিজেপি চাৰকাৰেও যাতে ভুৱা প্ৰতিশ্ৰুতিৰে প্ৰতাৰণা নকৰি বান গৰাখহনীয়া সমস্যাৰ স্থায়ী সামাধানত গুৰুত্ব দিয়ে তাৰ বাবে আহ্বান জনায় ।

Related Articles

Leave a Reply

Close