অসম

স্থানপ্ৰাপ্তক সম্বৰ্ধনা লখিমপুৰ জিলা কংগ্ৰেছৰ

প্ৰথম খবৰ,লখিমপুৰ: সদ্য ফলাফল ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম দহটা স্থানৰ ভিতৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা কীৰ্তিমান ছাত্ৰসকলক লখিমপুৰ জিলা কংগ্ৰেছে আজি সম্বৰ্ধনা জনায় । বিয়লি ৪ বজাত লখিমপুৰ জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত কীৰ্তিমান ছাত্ৰকেইগৰাকীক অভিনন্দন জনাই জিলা কংগ্ৰেছৰ সভাপতি ডঃ জয়প্ৰকাশ দাসে অসমত এতিয়া আই.এছ. বিষয়াৰ অভাৱ বুলি মন্তব্য কৰি মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰী সকলক একোগৰাকী আই এছ বিষয়া হৈ নিজৰ অঞ্চলটোৰ লগতে জিলাখনৰ সেৱা কৰিবলৈ আহ্বান জনায় । সম্বৰ্ধনা গ্ৰহণ কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত অসমৰ ভিতৰতে তৃতীয় স্থান লাভ কৰা জিনিয়াছ একাডেমীৰ ছাত্ৰ অংকিত মিত্ৰই ভৱিষ্যতে এগৰাকী অৰ্থনীতিবিদ হৈ দেশৰ অৰ্থনীতিৰ ভেটি শক্তিশালী কৰাৰ কামত মনোনিবেশ কৰিব বুলি প্ৰকাশ কৰে । জিলা কংগ্ৰেছৰ মিডিয়া চেলৰ সম্পাদক গঙ্গাজ্যোতি টায়েগামে আঁত ধৰা অনুষ্ঠানটোত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰা নাৰায়ণপুৰৰ পিছলা নেচনেল একাডেমীৰ ছাত্র ভাৰ্গবপ্ৰতিম বৰা আৰু নৱম স্থান লাভ কৰা জ্ঞানদীপ একাডেমীৰ অয়ন কৌশিক মহন্তয়ো বক্তব্য ৰাখে । উল্লেখ্য যে এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ অভিনৱ চেতিয়াই বিজ্ঞান শাখাত দশম স্থান লাভ কৰাৰ উপৰি বিজ্ঞান আৰু কলা শাখাত নগাৱৰ ৰামানুজ একাডেমী আৰু বৰপেটাৰ কৃষ্ণগুৰু মহাবিদ্যালয়ৰ পৰা ক্ৰমে লখিমপুৰ জিলাৰ ঢলপুৰৰ ৰাজাবাবু শইকীয়া আৰু নকাৰী চুকুলিভৰীয়াৰ অলকা দাসে অসমৰ ভিতৰতে শীর্ষ স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল । অনুষ্ঠানটোত উত্তৰ লখিমপুৰ নগৰ উন্নয়ণ প্ৰাধিকৰণৰ সভাপতি অজয় বৰুৱা, প্ৰাক্তন পৌৰপতিদ্বয় দেৱীকা শৰ্মা, কামিনি বৰা, জ্যেষ্ঠ কংগ্ৰেছ নেতা খগেন, জিলা এনএছইউআই ৰ সভাপতি ডিপ্লুমোহন বৰুৱা, ৰাজখোৱা সহ ভালেসংখ্যক কংগ্ৰেছ কৰ্মী আৰু অভিভাৱক উপস্থিত থাকে ৷

Related Articles

Leave a Reply

Close