যুৱ

স্মাৰ্টফোনৰপৰা ফটো অথবা ভিডিঅ’ ডিলিট হৈছে নেকি? চিন্তা নকৰিব

স্মৃতি কলিতা

স্মাৰ্টফোন আমি সকলোৱে ব্যৱহাৰ কৰোঁ। স্মাৰ্টফোন এতিয়া যেন সকলোৰে বাবে অতি অপৰিহাৰ্য। কেৱল ফোন কৰিবলৈয়ে নহয়, স্মাৰ্টফোনটো আমি বৰ্তমান ব্যৱহাৰ কৰোঁ ফটো তুলিবলৈ, ভিডিঅ’ ৰেকৰ্ডিং কৰিবলৈ। বহু সময়ত আমাৰ এণ্ড্ৰইড মোবাইলত তোলা ফটো বা ভিডিঅ’ নিজৰ অজানিতে ডিলিট হৈ যায়। লগে লগে আমাৰ স্মৃতি হেৰাই যোৱাৰ দুখত আমি ব্যথিত হৈ পৰোঁ। এনে অৱস্থাত আমি কি কৰিব পাৰোঁ?

এতিয়া আৰু এণ্ড্ৰইড ফোনৰপৰা ভিডিঅ’ অথবা ছবি অসাৱধানতাৰ বাবে ডিলিট হৈ গ’লে বিতত হৈ পৰাৰ প্ৰয়োজন নাই। কাৰণ গুগল প্লে’ ষ্ট’ৰত উপলব্ধ হৈছে এক নতুন এপ। এই এপটোৰ নাম হৈছে ডিস্ক ডিগাৰ। এণ্ড্ৰইড ফোন ব্যৱহাৰকাৰীৰ বাবে এই এপটোৱে বহুত সকাহ দিব। এক কথাত ক’বলৈ গ’লে তুলনাবিহীন এপ। ডিস্ক ডিগাৰ নামৰ এই এপটোৱে আপোনাক বিচাৰি দিব হেৰাই যোৱা ছবি। সবাতোকৈ ডাঙৰ কথাটো হ’ল এই এপটো ব্যৱহাৰ কৰাৰ বিনিময়ত আপুনি কোনো ধন পৰিশোধ কৰিব নালাগে।

কেৱল সেয়াই নহয়। আন বহুকেইটা এপ আপুনি প্লেষ্ট’ৰৰ পৰা ইনষ্টল কৰিব পাৰে। ডাম্পেষ্টাৰ ইমেজ এণ্ড ভিডিঅ’ ৰিষ্ট’ৰ নামৰ এপটো নিৰ্বাচন কৰিব পাৰে। এই এপটোৰ দ্বাৰা আপুনি ডিলিট হোৱা ফটো পুনৰ ওভতাই লাভ কৰিব পাৰে। সমান্তৰালভাৱে এমপি-থ্ৰী বা ভিডিঅ’ ফাইলো আপুনি ৰিক’ভাৰ কৰিব পাৰিব।

 

Related Articles

Leave a Reply

Close