অসম
সৰভোগত মদৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ: মদ বিপনী বন্ধ কৰাৰ দাবীত সৰভোগ টাউনৰ দোকান পোহাৰ বন্ধ কৰি দিলে মহিলাই

প্ৰথম খবৰ, মানিকপুৰ: বৰপেটা জিলাৰ সৰভোগৰ দক্ষিণ গনকগুৰিত নতুনকৈ মুকলি কৰা মদৰ দোকানখন বন্ধ কৰাৰ দাবীত আজি বৰনগৰ মদ নিবাৰণী মঞ্চই ১১ ঘন্টীয়া সৰভোগ বন্ধ ঘোষণা কৰি দোকান পোহাৰ, সকলো অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সৰভোগৰ ব্ৰজনাথ শৰ্মা পথত থকা কেইবাটাও শিক্ষানুষ্ঠানৰ পৰিৱেশ বিনষ্ট কৰি অবিনাশ নাথ নামৰ এজন মদ ব্যৱসায়ীয়ে নতুন কৈ মুকলি কৰা মদৰ দোকানখন চৰকাৰৰ অনুমতি নোহোৱাকৈ মুকলি কৰাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মহিলা সকলে। ৰাতিপুৱাৰ ভাগতেই শতাধিক মহিলা ওলাই আহি সৰভোগৰ প্ৰতিটো দোকান পোহাৰ অনুষ্ঠান প্ৰতিষ্ঠান আদি বন্ধ কৰি দিয়ে। বৰনগৰ মদ নিবাৰণী মঞ্চই ইতিপূৰ্বে গোহাৰি যোগে আজি ১১ ঘন্টীয়া সৰভোগ বন্ধ ঘোষণা কৰিছিল। আজি দোকানী সকলে দোকান খোলাৰ পিছত মদ নিবাৰণী মঞ্চৰ সদস্যা সকল আহি বলপূৰ্বকভাৱে দোকান পোহাৰ অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ কৰি দি প্ৰতিবাদ সাব্যস্ত কৰে আৰু অনতি পলমে সৰভোগৰ পৰা বৈধ অবৈধ সকলো মদৰ ঘাটি বন্ধ কৰাৰ বাবে প্ৰশাসনক দাবী জনায়।