অসম

হোজাই জীৱন বীমা নিগমৰ কাৰ্যালয়ত নিশা চুৰি কাণ্ড

প্ৰথম খবৰ, হোজাই: আৰক্ষীয়ে নিশা তহল দি থকা সময়তে হোজাই চহৰৰ মাজে মজিয়াত চুৰি কাণ্ড সংঘটিত হোৱাত এতিয়া হোজাই চহৰত চাঞ্চল্য সৃষ্টি হৈছে। বৰ্তমানে হোজাই চহৰত প্ৰতি দিনে বাঢ়িছে চুৰি কাণ্ড। কিন্তু চুৰক আটক কৰিবলৈ সক্ষম হোৱা নাই হোজাই আৰক্ষী। পুনৰ এটা পিছত এটা হোজাইত নিশা সংঘটিত হৈছে চুৰি কাণ্ড। শেহতীয়াকৈ LIC ৰ কাৰ্যালয়ত সংঘটিত হ’ল এটা চুৰি কাণ্ড। চুৰে প্ৰৱন্ধকৰ কাৰ্যালয়ত প্ৰৱেশ কৰি দুটা আলমাৰী ভাঙি বহুতো নথি-পত্ৰ সহ এটা লেপটপ আৰু এটা ডেক্সটপ লুট কৰাৰ লগতে লকাৰৰ হেণ্ডেল ভাঙে। লোকৰত আছিল ২৩ লাখ ৯৮ হাজাৰ। লকাৰত থকা ২৩ লাখ ৯৮ হেজাৰ টকা সুৰক্ষিত আছে নে নাই এতিয়াও নিশ্চিত নহয় প্ৰৱন্ধক। কাৰ্য্যালয়টোত নাই নৈশ পহৰাৰ ব্যৱস্থা নাই চি চি কেমেৰা। কাৰ্য্যালয়ৰ পাছ ফালৰ দৰ্জা ভাঙি প্ৰৱেশ কৰিছিল চুৰ। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু নগাঁৱৰ পৰা কুকুৰ অনাৰ ব্যৱস্থা কৰিছে । এতিয়া প্ৰশ্ন হল, হোজাই জিলা ঘোষণা হোৱাৰ পাছত আৰক্ষী অধীক্ষকৰ নিযুক্তি কৰা পাছতো আৰক্ষীৰ প্ৰশাসনিক দিশটো ইমান নৰম কিয় ? প্ৰশাসনৰ খোপাধিলে নীতিৰ বাবে এইদৰে হোজাই চহৰত নিতৌ হ’ব ধৰিছে অনৈতিক কাৰ্য। এনে অনৈতিক কাৰ্য বাবে হোজাই আৰক্ষী অধীক্ষকে কি ধৰণৰ পদক্ষেপ লয় সিও হ;ব লক্ষণীয়।

Related Articles

Leave a Reply

Close