অসম

১৯৯৮ চনৰে পৰা পৰিতক্ত ৰূপত আছে ঢকুৱাখনাৰ গোৱিন্দপুৰ আৰু মাতমৰা সংযোগী এখন বাঁহৰ দলং

প্ৰথম খবৰ, ঢকুৱাখনা: ১৯৯৮ চনৰে পৰা পৰিতক্ত ৰূপত ঢকুৱাখনা গোৱিন্দপুৰ আৰু মাতমৰা সংযোগী পথৰ আমগুৰি নৈৰ ওপৰত আছে এখন বাঁহৰ দলং । ১৯৯৮ চনতে কংগ্ৰেছ চৰকাৰে গাঁওবাসীক প্ৰতিশ্ৰুতি দিছিল এখন পকী দলং বনাই দিয়াৰ কিন্তু এই প্ৰতিশ্ৰুতি নামতহে কামত নাহিল । বাৰিষা আহিলে যাতায়াতৰ বাবে মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈ পৰে গোৱিন্দপুৰ আৰু মাতমৰা বাসী ৰাইজৰ লগতে আৰু বহু কেইখন গাঁৱৰ ৰাইজ। যাৰ ফলত গাঁৱৰ ৰাইজ এতিয়া এনেকৈয়ে বাঁহৰ দলঙেই খুপি খুপি অহা যোৱা কৰি যমৰ যান্তনা ভুগিবলগীয়া হৈছে। স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে অতি সোনকালে এই দলংখনৰ মেৰামতিৰ কৰি গাঁওবাসীক অহা যোৱা কৰাত সুবিধা কৰি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে ।

 

Related Articles

Leave a Reply

Close