অসম

২৪ জুনৰ পৰা দুলীয়াজান বকুলনীস্থিত নীপক’ৰ ঠিকা শ্ৰমিকৰ অনিদ্দিষ্টকালীন বন্ধ কাৰ্যসূচী, দুদিন ধৰি শ্ৰমিকৰ কৰ্ম বিৰতি অব্যাহত

প্ৰথম খবৰ, দুলীয়াজান: দুলীয়াজান বকুলনীস্থিত উত্তৰ-পূৱ তাপ বিদ্যুৎ শক্তি প্ৰকল্প চমুকৈ নীপক’ৰ অধীনৰ ঠিকা ভিত্তিক শ্ৰমিকে তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত অহা ২৪ জুনৰ পৰা প্ৰকল্পৰ অনিৰ্দিষ্টকালীন বন্ধ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে । উল্লেখ্য যে ঠিকা ভিত্তিক শ্ৰমিকৰ চাকৰি স্থায়ীকৰণ , সমান কামৰ সমান মজুৰি প্ৰদান ইত্যাদি আনুষংগিক কেইবাটাও দাবী লৈ শ্ৰমিকসকলে বিগত ২১ জুনৰ পুৱা ৯ বজাৰ পৰা কৰ্ম বিৰতি কাৰ্যসূচী পালন কৰি আহিছে । ইফালে প্ৰতিবাদৰ আজি দুটা দিনতো বিভাগীয় কতৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰা কথা ক্ষোভেৰে প্ৰকাশ কৰিছে প্ৰতিবাদী শ্ৰমিকে । এইদৰে ২৪ জুনৰ পুৱালৈ কৰ্ম বিৰতি পালনৰ পাছতো বিভাগীয় কৰ্ত্তৃপক্ষৰ গা নলৰিলে প্ৰকল্পটোৰ ইলেকট্ৰনিক , মেকানিকেল , অপাৰেশ্যন এণ্ড কেমিকেল আৰু চিভিল বিভাগৰ মুঠ ১৬০ গৰাকী ঠিকাদাৰী শ্ৰমিকে পুনৰ বিভাগীয় কাম-কাজ অনিৰ্দিষ্টকালীন বন্ধৰে প্ৰকল্পৰ মুখ্যদ্বাৰৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে সংবাদমাধ্যমক । এনে পৰিপ্ৰেক্ষিতত প্ৰকল্পটোলৈ এক অনিশ্চয়তা সংকেত নামি আহিছে ।

Related Articles

Leave a Reply

Close