অসমশীৰ্ষ

“৩১ ডিচেম্বৰৰ ভিতৰত NRCৰ খচৰা প্ৰস্তুত কৰা হব”— সৰ্থেবাৰীত মুখ্যমন্ত্ৰী সোণোৱালৰ ঘোষণা

প্ৰথম খবৰ,সৰ্থেবাৰী: কৃষ্ণগুৰু প্ৰভুৰ ৮৩ সংখ্যক আবিৰ্ভাৱ মহোৎসব উপলক্ষ্যে আজি সৰ্থেবাৰীৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কৃষ্ণগুৰুৰ ভকত সৰ্বানন্দ সোণোৱালে আশ্ৰমত নাম-জপ কৰাৰ লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ক’লা শাখাত শীৰ্ষ স্থান দখল কৰা মেধাবী ছাত্ৰী অলকা দাসক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। ইপিনে সাংবাদিকেৰে হোৱা বাৰ্তালাপত কয় যে অহা ২০ জুনত ৰাভা দিৱস চৰকাৰীভাৱে বৰপেটাত পালন কৰা হ’ব। একেদৰে ২১ জুনত যোগ দিৱস নলবাৰীত পালন কৰা হব । দুৰ্নীতিৰ বিৰুদ্ধে কোনো কাৰণতে আপোচ কৰা নহ’ব বুলি কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃষি বিভাগৰ দুৰ্নীতিত জড়িত বিষয়াই জামিন লাভ কৰা সম্পৰ্কত ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও কয়।

Related Articles

Leave a Reply

Close