অসম

৪ ৰ্থ শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণকাৰীক আটকত ব্যৰ্থ আৰক্ষী: ধৰ্ষণকাৰীক আৰক্ষীৰ দ্বাৰা পলাতক ঘোষণা

প্ৰথম খবৰ,তেজপুৰ: চাৰিদুৱাৰৰ ধৰ্ষণ কাণ্ডত জড়িত ঘনশ্যাম নৰহক পলাতক আচামী ঘোষণা শোনিতপুৰৰ আৰক্ষী অধীক্ষকৰ। উল্লেখ্য যে বালিপৰাৰ নেপালী চিলনীত সংঘটিত হৈছিল এক ধৰ্ষণৰ ঘটনা। নেপালী চিলনী গাঁৱৰ এগৰাকী শিশুৱে চিলনী বঙালী গাঁৱত হৈ থকা সানচাৰী পূজা চাবলৈ যাওতে ৰাস্তা পাহৰি যোৱাত চিলনী বঙালীৰ ঘনশ্যাম নৰহ নামৰ লোকজনে পূজাস্থলীলৈ নিয়াৰ প্ৰলোভন দি ওচৰতে থকা এখন হাবিলৈ নি শিশুটিৰ মুখত সোপা দি ধৰ্ষন কৰে৷ অাৰু ঘটনাটি কাৰোবাক কলে মাৰি পেলাম বুলি ভাবুকি প্ৰদান কৰে৷ পিচত ঘটনাটি ছোৱালিজনীয়ে মাতৃক আৱগত কৰাত পৰিয়ালৰ লোকে চাৰিদুৱাৰ আৰক্ষী থানাত লোকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে যদিও লোকজনে পলায়ন কৰে। ধৰ্ষনকাৰী ঘনশ্যাম নৰহ বৰ্তমানলৈকে পলাতক হৈ আছে। পাষণ্ড ঘনশ্যামক অতি সোনকালে কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ দাবী জনাইছিল কিন্তু আৰক্ষীয়ে ধৰ্ষণকাৰী আটক কৰাত ব্যৰ্থ হোৱাত শোনিতপুৰ আৰক্ষীয়ে ক্ৰাইম/১৫/২০১৭/৩৯৮১-এ আদেশ যোগে আৰক্ষী অধীক্ষক পি পি সিঙে সকলো আৰক্ষী থানা,আৰক্ষী চকী, চি আই ডিৰ লগতে সংবাদ মাধ্যমলৈ ধৰ্ষণকাৰীক দেখিলে আৰক্ষীক খবৰ দিবলৈ আহ্বান জনাইছে ৷

Related Articles

Leave a Reply

Close