অসম

ৰংজুলিতো পালন কৰা হয় আন্তৰ্জাতিক যোগ দিৱস

প্ৰথম খবৰ,ৰংজুলি: সমগ্র বিশ্বৰ লগতে গোৱালপাৰা জিলাৰ ৰংজুলিতো আজি পালন কৰা হয় তৃতীয় আন্তৰ্জাতিক যোগ দিৱস । ৰংজুলি প্ৰগতি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই দিৱস । ৰংজুলি উন্নয়ন খণ্ড, ৰংজুলি গাঁও পঞ্চায়ত আৰু ৰংজুলি মণ্ডল বি জে পিৰ উদ্যোগত অনুষ্ঠিত হয় এই দিৱস । প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰা যোগ দিৱসত ৰংজুলি উন্নয়ন খণ্ডৰ বি ডি অ’ যাদৱ কলিতা, গাঁও পঞ্চায়তৰ সভাপতি ভূপেন কছাৰী আৰু ৰংজুলি মণ্ডল বি জে পিৰ সভাপতি জয়দেৱ ৰাভাও উপস্থিত থাকে ।

Related Articles

Leave a Reply

Close