অসম

ৰংজুলিত চোৰাং শাল কাঠ সহ দুখন পিকআপ ভান জব্দ

প্ৰথম খবৰ, ৰংজুলি: ৰংজুলি বন বিভাগৰ ধাৰাবাহিক অভিযানত পুনৰ জালত পৰিল চোৰাং ব্যৱসায়ীৰ কাঠ ভৰ্ত্তি গাড়ী। ৰংজুলি বনাঞ্চলৰ অন্তৰ্গত শিমলীতোলাৰ টোপলাখোৱা গাঁৱত জব্দ চোৰাং শাল কাঠ সহ দুখন পিকআপ ভান। জিয়াগুৰী ফালৰ পৰা টোপলাখোৱা হৈ শিমলীতোলালৈ আহিছিল কাঠ ভৰ্ত্তি গাড়ী দুখন। পুৱতি নিশা প্ৰায় ৪.৩০ বজাত আগভেটি ধৰে বন বিভাগে। বন বিভাগৰ গাড়ী দেখি পিকআপ সহ কাঠ এৰি পলায়ন চোৰাং ব্যৱসায়ী। বন বিভাগে জব্দ কৰি কাৰ্যালয়লৈ লৈ আনে গাড়ী সহ চোৰাং কাঠ। দুয়োখন গাড়ীৰেই নাই কোনো পঞ্জীয়ণ নম্বৰ। জব্দ কৰা শাল কাঠ খিনিৰ বজাৰ মূল্য প্ৰায় এক লাখ বিশ হাজাৰ টকা । উল্লেখযোগ্য যে, ৰংজুলি বনাঞ্চলিক বিষয়া বলেন দাসৰ নেতৃত্বত গোটেই নিশা অভিযান চলাইছিল বন বিভাগে।

Related Articles

Leave a Reply

Close