অসম

ৰঙিয়াত স্বামীক বিচাৰি যমুনা মুখৰ অসহায় মহিলা, কোলাত ছয় মহীয়া পানী কেচুৱা

প্ৰথম খবৰ, ৰঙিয়া: ছয় মহীয়া পুত্ৰ সন্তান বুকত বান্ধি লৈ জুবিন গাৰ্গৰ ঘৰ বিচাৰি ফুৰা এগৰাকী মহিলাক আজি নাটকীয়ভাৱে ৰঙিয়া উদিয়ানাৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে। নগাঁও যমুনামুখৰ কবিতা গগৈ নামৰ বিশ বছৰীয়া মহিলা গৰাকীৰ ভাষ্য অনুসৰি তেওঁ ১৫ দিন পূৰ্বে স্বামী কল্যাণ গগৈক বিচাৰি গুৱাহাটীত উপস্থিত হয়। স্বামীয়ে কোৱাধৰণে তেওঁ সংগীত শিল্পী জুবিন গাৰ্গৰ ফ্লেটত গাৰ্ড হিচাৱে কাম কৰে । এক প্ৰকাৰ সম্পৰ্ক বিছিন্ন কৰা স্বামী কল্যাণ গগৈক লগ কৰাৰ বাবেই গুৱাহাটীত জুবিনৰ ঘৰ বিচাৰি হাবাথুৰি খোৱা মহিলা গৰাকীয়ে এটা ৰহস্যময় ফ’ন কলৰ সন্ধানত ৰঙিয়াত আহি উপস্থিত হয় বুলি জানিবলৈ দিয়ে । তেওঁ জনোৱা মতে তেওঁৰ স্বামীয়ে জুবিন গাৰ্গৰ খাৰঘুলিত থকা এটা ফ্লেটত কৰ্মৰত বুলি জানিব পাৰি তাত গৈ সন্ধান কৰে যদিও তাত স্বামীৰ কোনো সন্ধান নাপায় । সেই সময়তে পল্লবী বুলি চিনাকী দিয়া এগৰাকী অচিনাকি যুৱতীয়ে কবিতালৈ ফোন কৰি কয় যে তেওঁৰ ঘৰ ৰঙিয়াত আৰু তেওঁৰ ইতিমধ্যে কল্যাণ গগৈৰ লগত বিয়া হৈছে । এইখিনি কথা কৈয়েই যুৱতী গৰাকীয়ে ফোনটোৰ সংযোগ বিছিন্ন কৰি দিয়ে । অকণো সময় নষ্ট নকৰি মহিলা গৰাকীয়ে পুনৰ ৰে’ল যোগে ৰঙিয়ালৈ আহি উপস্থিত হয় । পানী কেচুৱাটো বুকত বান্ধিলৈ নিশা ৰঙিয়া ষ্টেচনতে কটাই । লঘোণে -ভোকে থকাৰ পিছত মহিলাগৰাকীয়ে পুত্ৰ সন্তানটো আনক গতাই দি উদ্ধাৰ হোৱাৰ সিদ্ধান্ত লয় । এনেদৰে পুত্ৰ সন্তানটিক ৰঙিয়াৰ এজন কলিতা উপাধিৰ ব্যক্তিয়ে ৰাখিব বুলি জানিব পাৰি তেওঁ ৰঙিয়া হাইৱে চকত উপস্থিত হয়। এই বিষয়ে জানিব পাৰি কেইজনমান ব্যক্তিয়ে মহিলা গৰাকীক আশ্ৰয় দিয়াৰ বাবে এজন অট’ চালকক গতাই দিয়ে । অটো চালক জনে মহিলা গৰাকীক উদিয়ানাৰ তেওঁৰ সম্পৰ্কীয় মোজাম্মিল হ’কৰ পত্নী মাইনু হ’কক গতাই দিয়ে । যোৱা এসপ্তাহ ধৰি মাইনু হকে কবিতা গগৈক আশ্ৰয় দিয়াৰ উপৰিও ছমহীয়া পানী কেচুৱাটোক নিজৰ বুকৰ গাখীৰ খুৱাই জীৱাই ৰাখে । ইফালে আজি ঘটনাটো সন্দৰ্ভত অৱগত হৈ আৰক্ষীয়ে মোজ্জামিল হ’কৰ ঘৰত উপস্থিত হয় । আৰক্ষীয়ে উপস্থিত হৈ মহিলা গৰাকীৰ লগতে পানী কেচুৱাটোক ৰঙিয়া থানালৈ লৈ আনে । বৰ্তমানে মহিলা সহ কেচুৱাটো ৰঙিয়া থানাৰ আশ্ৰয়ত ।

Related Articles

Leave a Reply

Close