অসম

ৰহাত ধুমুহাত বিস্তৰ ক্ষতি

প্ৰথম খবৰ ৰহা/চাপৰমুখ: ৰহাৰকে ধৰি ইয়াৰ উপকন্ঠ অঞ্চলত আজি আবেলি অহা ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে ৷ ধুমুহাৰ ফলত কামগাওঁ,মিকিৰআটি, নামগাওঁকে ধৰি কেইবাখনো গাঁৱৰ বহুলোকৰ ঘৰৰ টিনপাত উৰুৱাই লৈ যোৱাৰ লগতে বহু গছ গছনী উভালি পেলাই। বহু ঠাইত বিদ্যুত পৰিবাহী তাৰ চিঙি পৰাত বিদ্যুৎ যোগান ব্যাহত হৈছে । একে সময়তে ব্ৰজ্যপাত পৰি কেইবাটাও গো ধনৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে।

Related Articles

Leave a Reply

Close