অসম

ৰাইজে মেৰামতি কৰিলে শ্বহীদৰ নামেৰে নামাকৰণ কৰা পথ

প্ৰথম খবৰ, খুমটাই : স্বাধীনতা ৭০ বছৰৰ পাছতো আজিকোপতি শ্বহীদ কমলামিৰি নামেৰে নামাংকৃত পথ ৰাজ্য চৰকাৰৰ বিয়াগোম বিভাগটোৰ চকু নপৰিল । উল্লেখ যে গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত ওপটেমেৰা সংযোগী শ্বহীদ কমলামিৰি পথটো আজি স্থানীয় ৰাইজে শ্ৰমদানেৰে যাতায়তৰ সুচল কৰি তুলে । বৃহত্তৰ অঞ্চলটোৰ ৰাষ্টা ঘাটৰ অৱস্থা দেখি নেদেখা ভাও ধৰা জনপ্ৰতিনিধি প্ৰতি ক্ষোভ উজাৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে । সেইয়েহে আজিকোপতি চকু নপৰা শ্বহীদ কমলামিৰি নামেৰে নামাকৰণ কৰা পথটি শ্বহীদ গৰাকীক অপমান কৰিছে বুলি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা আৰু সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ চকু পৰিবনে শ্বহীদৰ নামেৰে নামাকৰণ কৰা পথটি এই প্ৰশ্নৰ তুলিছে স্থানীয় ৰাইজে ।

Related Articles

Leave a Reply

Close