অসম

ৰাজ্যত জুই জ্বলাৰ ভাবুকি এৱছুৰ, বড়োলেণ্ডৰ দাবীত তামুলপুৰত জোৰ সমদল

প্ৰথম খবৰ, তামুলপুৰ: তামুলপুৰ এৱছু আৰু পিপলচ্‌ জইন্ট এক্সন কমিটি ফৰ বড়োলেণ্ড মোভমেন্টৰ উদ্যোগত আজি সন্ধিয়া তামুলপুৰৰ ৰাজপথত পৃথক বড়োলেণ্ডৰ দাবীত এক জোৰ সমদল উলিয়াই ৷ জোৰসমদলটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বাক্সা জিলা এৱছুৰ সভাপতি সুনিল সুজু বসুমতাৰীয়ে ৷জোৰ সমদলত সংগঠন দুটাৰ কুমাৰীকাটা, নাগ্ৰীজুলি ৷দ্বাৰকুচি তামুলপুৰৰ প্ৰায় দুই সহস্ৰাধিক লোেকে অংশ গ্ৰহণ কৰি বড়োলেণ্ড দাবী উত্থাপন কৰে৷ সমদলকাৰী সকলে ডিভাইদ আসাম ফিফটি ফিফটি,আমাক বড়োলেণ্ড লাগিবই ,আমাক ন্যায় লাগে,আমাৰ ন্যায্য দাবী মানিবই লাগিব আদি শ্লোগান দি তামুলপুৰৰ ৰঙিয়া ভূটান পথ উত্তাল কৰি তোলে৷ উদ্বোধনী ভাষণত এবছু নেতা গৰাকীয়ে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যদিহে বড়োলেণ্ড সমস্যা সমাধান নকৰে তেতিয়া হলে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জ্বলিব বুলি ভাবুকি দিয়ে ৷

Related Articles

Leave a Reply

Close