বিনোদনশীৰ্ষসাক্ষাৎকাৰ

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঘূৰি নৃত্য শিকাব উদয় শংকৰে

আপোনাৰ জন্ম ক’ত হৈছিল?

মোৰ জন্ম ডিগবৈত।

আপোনাৰ শিক্ষা জীৱন ক’ত আৰম্ভ হয়?

মোৰ শিক্ষা জীৱন আৰম্ভ হয় গুৱাহাটীত। দেউতাৰ চাকৰিৰ কাৰণে বদলি হৈ গুচি আহিছিল। আমাৰ আচল ঘৰ শিৱসাগৰত। শিৱসাগৰৰপৰা উঠি অহাৰ পিছত মই সৰুতে ইয়াতে থাকি ডাঙৰ হোৱা। শিক্ষা জীৱন যিমানখিনি আছে গোটেই মই গুৱাহাটীত কৰা।

আপুনি কেতিয়াৰ পৰা নৃত্যৰ প্ৰতি আকৰ্ষিত হ’ল?

আচলতে মই গুৱাহাটীৰ যিখন ঠাইত ডাঙৰ-দীঘল হৈছো গুৱাহাটীৰ হেঙেৰাবাৰীত । গণেশগুৰিৰ নিচেই ওচৰতে ঠাইখন আৰু সেই ঠাইখিনি সাংস্কৃতিকভাৱে খুব আগবঢ়া বা ধনী। তাত এটা ক্লাব্ আছে। নৱজ্যোতি যুৱ সংঘ বুলি। তাত সকলো লগ হওঁ। বিহু নাচৰ প্ৰশিক্ষণ হয়। তেতিয়া ৱৰ্কশ্বপ বুলি কোনো কথা নাছিল। বিহুৰ সময়ত সকলো গোট খায় নাচিবৰ কাৰণে বা বিহু মাৰিবৰ কাৰণে। তাৰ পিছতে খেল-ধেমালি কিছুমান হয়। আৰু আমাৰ ওচৰৰে আমি ৪-৫ ঘৰ মানুহ আছিলো আমাৰ চুবুৰীটোত। মই এতিয়া ক’ব লাগিব ৰণী বাহঁতৰ কথা। আমাৰ প্ৰতিবেশী একেলগে আমি ডাঙৰ হোৱা। বাহঁতে নাটক কৰোঁতে খুব টিংকল পঢ়িছিলো আমি। টিংকল আদিৰপৰা কাহিনীবোৰ লৈ সৰু-সৰু নাটক কৰোঁ বাৰান্দাত। মাঁহতক মাতো চাবৰ কাৰণে।

তেনেকৈ আৰম্ভণি বুলি ক’লেও ভুল নহয়। মোৰ দেউতা নাটকৰ লগত জড়িত আছিল। মোৰ পেহীহঁতে নাটক কৰা, মোৰ আইতা বিহু নচা আৰু মোৰ ককা খুব ভাল ঢুলীয়া আছিল। গতিকে ক’বলৈ গ’লে হয়তো নৃত্যটো মই জন্মগত হিচাপেই পাইছিলো। নাচি খুব ভাল পাইছিলো সৰুৰেপৰা। নাটকৰ লগত জড়িত হৈ আছিলো। তেনেকৈয়ে আৰম্ভ হৈছিল চখটো। কিন্তু চখ গৈ কেতিয়া পেছাত পৰিণত হ’লগৈ সেইটো ধৰিবই নোৱাৰিলোঁ। গতিকে বৰ্তমান নিচা আৰু পেচা দুয়োটাই বুলি ক’ব লাগিব।

আপোনাৰ কেৰিয়াৰ গঢ় দিয়াৰ ক্ষেত্ৰত ঘৰৰ সহযোগিতা কেনেধৰণৰ আছিল?

সেইটো ক্ষেত্ৰতহে অকণমান ইফাল-সিফাল বুলি ক’ব লাগিব। কাৰণ, লাইনটো যিহেতু বহুত উত্থান-পতনেৰে ভৰা। প্ৰত্যেকজন মানুহেই আজি ৫-৬ বছৰ মানহে হৈছে চাগে, প্ৰত্যেকজন অভিভাৱকে বুজি পোৱা হৈছে যে অকল ডাক্তৰ বা অভিযন্তাই নহয় এতিয়া আৰু বহু জীৱিকা আছে। ল’ব পাৰে মানুহে, ল’ৰা-ছোৱালীয়ে। কিন্তু আমাৰ সময়ত এনেকুৱা আছিল যে ডাক্তৰ-অভিযন্তাহে হ’ব লাগিব। আৰু মা-দেউতাইও বিচাৰিছিল যে মই ডাক্তৰ বা অভিযন্তা হওঁ। মোৰ পৰিয়ালৰ বেছিভাগ ডাক্তৰ আৰু ব্যৱসায়ী। সেয়েহে তেওঁলোকৰো সেইটো ইচ্ছা আছিল যে ল’ৰাজন ডাক্তৰ বা অভিযন্তা হ’ব। কিন্তু ক’ত ল’ৰা ডাক্তৰ বা অভিযন্তা হ’ব! সৰুৰপৰা অকল নাচৰ প্ৰতি আগ্ৰহ। নাটকৰ প্ৰতি আগ্ৰহ। সেয়ে ঘৰৰপৰা তেতিয়া মৰেল ছাপ’ৰ্টটো অকণমান কম আছিল। কি কৰিবলৈ ওলাইছোঁ একো বুজি পোৱা নাছিল। আনকি ময়ো বুজি পোৱা নাছিলো, আচলতে মই কি কৰিম!  তাৰ পিছত লাহে লাহে যেতিয়া কামবিলাক কৰিবলৈ আৰম্ভ কৰিলোঁ, আগবাঢ়িলো, তেতিয়া ঘৰত বুজি পোৱা হ’ল। এতিয়া পৰিয়ালৰ লোকসকলে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়। কিন্তু প্ৰথমে ময়ো আনৰ দৰে বহু সমস্যাৰ সন্মুখীন হৈছিলো।

বৰ্তমানলৈ কেইখন চলচ্চিত্ৰত বা ভিডিঅ’ ছবিত অভিনয় কৰিছে?

সংখ্যা এতিয়ালৈ গণা নাই অভিনয় কৰিহে গৈছোঁ। কিন্তু চাবলৈ গ’লে মোৰ ২৩ বছৰ হ’ল। এইটো লাইনত কাম কৰা আৰু দুবছৰ গ’লে মোৰ ২৫ বছৰ সম্পূৰ্ণ হ’ব। সাংস্কৃতিক জগতখনত। মই প্ৰথম ছবি কৰিছিলো ষষ্ঠ শ্ৰেণীত থাকোতে। বুজি পোৱা নাছিলো চিনেমা কি বস্তু তেতিয়া। “মাইমন” বুলি এখন ছবি হৈছিল। সৰু সৰু ল’ৰা-ছোৱালীক লৈ। শিশু ছবি। এইখন মোৰ প্ৰথম ছবি আছিল, মোৰ বুজাৰ বয়স নহওঁতেই। কিন্তু বুজি পোৱাৰ পিছত যদি কওঁ মই ছবি কৰিছোঁ বুলি তেতিয়াহ’লে সেইখন হল যৌৱনে আমনি কৰে। তাৰ পিছৰপৰা কাম কৰি আছোঁ। চিডি ওলাল। তাতো কাম কৰিছোঁ। বহু ছবিত নৃত্যশিল্পী হিচাপে, নৃত্য পৰিচালক হিচাপে মই কাম কৰিছো ২০০০ চনৰ পৰা। গতিকে ছবিৰ সংখ্যা অধিক হ’ব লাগে।

অভিনয় আৰু কৰিঅ’গ্ৰাফী কোনটোৰ প্ৰতি আপুনি বেছি আকৰ্ষিত?

নিসন্দেহে মই কৰিঅ’গ্ৰাফী লাইনটোৱে বেছি ভালপাওঁ। কিন্তু অভিনয়টো আনুসংগিক হৈ আছিল।ছাৰহঁতৰ লগত সেইটো সময়ত অভিনয় কৰিছিলো। সৰু-সুৰা যদি কিবা চৰিত্ৰ থাকে কৰিবলগীয়া হয়, তেতিয়া কৰিছিলো। যদি সম্পূৰ্ণভাৱে মনোযোগেৰে কাম কৰিছোঁ বুলি কওঁ তেতিয়াহ’লে “জানমণি” মোৰ কাৰণে এটা ডাঙৰ ব্ৰেকিং পইণ্ট। তাৰ আগত মই কৰিছিলো “ভাড়াঘৰ” বুলি। সেইখনত মই যেতিয়া কৰিছিলো, মোৰ চৰিত্ৰটো বহুত জনপ্ৰিয় হৈছিল। তাৰ পিছতেই মই অভিনয় কৰিছো জানমণিত। কিন্তু গোটেইখিনি কৰাৰ ভিতৰত মোৰ আটাইতকৈ ভাল লগা চৰিত্ৰটো হ’ল, ছিৰিয়েল এখন কৰিছিলো ছিম্পল গগৈৰ পৰিচালনাত। সেই চৰিত্ৰটো মোৰ ভাল লগা চৰিত্ৰ। ছিম্পল বাই অকল কমিক বুলি নহয় ছিৰিয়াছলী সেই চৰিত্ৰটো ধৰি ৰাখিছিল। মোৰ অভিনয় কৰি বহুত ভাল লাগিছিল।

আগলৈ কেনেকুৱা ধৰণৰ চৰিত্ৰত অভিনয় কৰাৰ হেঁপাহ আছে?

আমাৰ অসমত কি হয়, যদি মই হিৰ’ হিচাপে সোমালোঁহেঁতেন তেতিয়া হিৰ’ হ’লোহেঁতেন। কিন্তু হিৰ’ হ’বলৈ মোৰ মন নাছিল। মই কৰা প্ৰথম চৰিত্ৰটো ছোৱালীৰ ধৰণৰ। সেই চৰিত্ৰটোৱে মোক বান্ধি পেলালে। মানুহে সেইটো চাবলৈ বেছি আকৰ্ষিত হয়। কিন্তু মোৰ কৰিব ইচ্ছা আছে এটা খুব ছিৰিয়াছ কেৰেক্টাৰ। যিটো চৰিত্ৰত হাঁহি থাকিব, কান্দোন থাকিব। কিবা এটা সমাজক বাৰ্তা দিব পৰাহেঁতেন! তেনেকুৱা এটা চৰিত্ৰ কৰিবলৈ খুব মন আছে।

আপোনাৰ নৃত্য শিক্ষাৰ প্ৰতিষ্ঠান ‘ঝংকাৰ’। ‘ঝংকাৰৰ বিষয়ে দুআষাৰ কওঁকচোন?

ঝংকাৰৰ কথা ক’বলৈ গ’লে “ঝংকাৰ ইজ মাই হাৰ্ট বিট”। মোৰ বহুদিনীয়া এটা প্ৰচেষ্টা আৰু বহু বছৰ হ’ল ঝংকাৰ মই প্ৰতিষ্ঠা কৰা। স্কুলত থাকোতে ঝংকাৰ নামটো দি বিভিন্ন কাম কৰিছিলো তাৰ পিছতে স্কুলখন হ’ল। মোৰ এটা পাৰৰ্ফমেঞ্চৰ গ্ৰুপ আছে নাম “ঝংকাৰ পাৰৰ্ফমেঞ্চ গ্ৰুপ”। এই গ্ৰুপটোৰ যোগেদি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাম কৰি আছোঁ। সামাজিকভাৱে কাম কৰিছোঁ। ষ্টেজ পাৰ্ফমেঞ্চো কৰি আছোঁ। তাৰ লগতে এই স্কুলখনত বিশেককৈ কৰ্মশালা কিছুমান কৰি আছোঁ। বছৰত আমাৰ দুটা কৰ্মশালা হয়। অভিনয় আৰু নৃত্যৰ কৰ্মশালা। এইবাৰ ইচ্ছা প্ৰকাশ কৰিছোঁ যে ক্লাছ হিচাপে কৰিম। ছেপ্তেম্বৰৰপৰা ক্লাছো আৰম্ভ কৰিম। নৃত্যৰ ক্লাছেবিলাকতো হৈয়ে থাকে আৰু কৰ্মশালা যিখিনিয়ে কৰিলে মই জনাবলৈ পাই সুখী হৈছোঁ যে খুব কম পইচাৰ বিনিময়ত তেওঁলোকে কাম কৰে। হিউজ এমাউণ্ট আমাক নালাগে। প্ৰফেচনেলী কৰিছোঁ যদিও পইচাটোৱেই প্ৰফেছন নহয় আমাৰ কাৰণে। ইয়াৰপৰা যদি এজন-দুজন ভাল ল’ৰা-ছোৱালী ওলাই যায়, তেওঁলোকে যদি কাম কৰে মোৰ ভাল লাগে। গতিকে শেহতীয়াভাৱে যি দুটা কৰ্মশালা কৰিলোঁ, তাৰ ৪০জন ল’ৰা-ছোৱালীৰপৰা ১৫ জনেই খুব ভালকৈ কাম কৰি আছে। গতিকে ঝংকাৰক লৈ মোৰ বহু আশা আছে। এতিয়াতো প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিছোঁ গতিকে অভিনয় আৰু নৃত্যৰ ক্লাছবোৰ নিয়মীয়াকৈ কৰি যাম, ৩ মহীয়া পাঠ্যক্ৰম হ’ব। নৃত্যৰ পাঠ্যক্ৰমখিনি এবছৰীয়া। গতিকে তেনেকৈয়ে মই ঝংকাৰৰ সৈতে জড়িত হৈ আছোঁ।

নৃত্য আৰু অভিনয়ৰ জগতখনত আগবাঢ়ি যাওতে বা প্ৰতিষ্ঠা লাভৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ মুখামুখী হ’বলগীয়া হৈছিল নেকি?

বহুত প্ৰত্যাহ্বান। এই জগতখনত ২৩ বছৰ হোৱাৰ পিছতো মই ষ্ট্ৰাগল কৰি আছোঁ। কাৰণ এটাই আমাৰ বাজেট সীমিত বা আমাৰ মাধ্যমবিলাকৰ এতিয়া অসমীয়া বুলি কোৱাৰ লগে-লগে অকল অসমতে বস্তুখিনি চলায়। গতিকে আমাৰ বাজেট বহুক্ষেত্ৰত কম হয়, বহুক্ষেত্ৰত আমি কম্প্ৰমাইজো কৰিবলগীয়া হয়। কিন্তু টেলেন্টেড বহু মানুহ আছে, ইয়াত যদি ভাল স্ক’প পায় বা ভাল বাজেট হয় তেতিয়াহ’লে আমি বহুত ভাল কাম কৰিব পাৰিম। গতিকে প্ৰত্যেকটো কামেই আমাৰ বাবে এটা এটা প্ৰত্যাহ্বান। আজিকালি আঙুলিৰে টিপিলই ইণ্টাৰনেটৰ যোগেদি গোটেই পৃথিৱীখন আমাৰ সন্মূখত পাওঁ গতিকে আমিওঁ বিচাৰো যে বাহিৰৰ জগতখনৰ লগত ফেৰ মাৰি পেলায় আমি  চলিব লাগিব নাইবা চলিব পাৰিব লাগিব। গতিকে তাৰ লগত খোজ মিলাবলৈ যাওঁতে আমি বহু প্ৰত্যাহ্বানৰ সন্মূখীন হ’বলগীয়া হয়। কিন্তু ষ্ট্ৰাগলৰ মাজেদি আগবাঢ়ি আছো আৰু মোৰ বিশ্বাস যে এটা ভাল দিন আমাৰ কাৰণেও আহিব।

অসমীয়াৰ বাহিৰেও অন্যান্য ভাষাৰ ছবি বা হিন্দী ছবি জগতত অভিনয় কৰাৰ বা নৃত্য পৰিচালনা কৰাৰ পৰিকল্পনা আছে নেকি?

মই অভিনেতা হিচাপে নহয় কৰিঅ’গ্ৰাফাৰ হিচাপে নৃত্য জগতখনত নিশ্চয়কৈ বাহিৰতো কাম কৰাৰ প্ৰচেষ্ঠা কৰি আছোঁ আৰু দুই-এটা প্ৰজেক্টো কৰিছো, মই এতিয়াই নকওঁ। অলপতে মোৰ হিন্দী এলবাম এটা মুক্তি পাব। মোৰ মুম্বাইত কাম কৰাৰ মন নাই। খুব বেছি কম্পিটিটিভ আৰু তাত বহু গুণী-জ্ঞানী বহুত ভাল মানুহ আছে। তাত গৈ পুণৰ শূণ্যৰপৰা আৰম্ভ কৰিবলৈ বয়সৰো এটা কথা থাকে। গতিকে মই মুম্বাইত কাম নকৰি কলিকতাত কাম কৰিবলৈ বহু ইচ্ছা। কাৰণ যদি মই কলিকতাত কাম কৰোঁ, তেনেহ’লে টলীঊড হওঁক বা দাক্ষিণাত্যৰ যিখিনি চেনেল আছে মই সেইখিনিটো কাম কৰিব পাৰিম। গতিকে কলিকতালৈ গৈ কাম কৰিবলৈ চেষ্টা কৰি আছোঁ। যদি হৈ যায় বহু ভাল হ’ব।

আপুনি কৰিঅ’গ্ৰাফীৰ বাবে কি কি বঁটা লাভ কৰিছে?

এৱাৰ্ড হিচাপে মই এতিয়ালৈকে তিনিবাৰ ৰাজ্যিক এৱাৰ্ড পালোঁ। অসম চৰকাৰৰ ফালৰ পৰা “আছাম ষ্টেট এৱাৰ্ড” তাত মই তিনিবাৰকৈ মনোনীত হৈছিলো। বেষ্ট কৰিঅ’গ্ৰাফীৰ কাৰণে। তাৰ পিছতে ‘প্ৰাগ চিনে এৱাৰ্ড’। অসমত এটাই আছে চিনে এৱাৰ্ড। বহু বছৰ কাম কৰাৰ পিছত যোৱা বছৰ ‘খেল’ ছবিখনৰ কাৰণে মই এই এৱাৰ্ড পালোঁ। তাৰ পিছতে ‘ৰামধেনু ভিৱাৰ্ছ চইছ এৱাৰ্ড’ৰপৰাও মই বেষ্ট কৰিঅ’গ্ৰাফাৰ এৱাৰ্ড পাইছিলো। কিন্তু মোৰ খুব ইচ্ছা আছে নেশ্যনেল এৱাৰ্ড এটা অসমৰ কাৰণে আনিবলৈ। অসমীয়া ছবিত কাম কৰি অসমৰ কাৰণে বেষ্ট কৰিঅ’গ্ৰাফাৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো বঁটা সেই বঁটাটো অসমৰ কৰণে কঢ়িয়াই আনিবলৈ খুব ইচ্ছা আছে।

বৰ্তমান অসমীয়া চিনেমাৰ অৱস্থা সম্পৰ্কত আপোনাৰ মতামত।

অসমীয়া ছবিজগতত ছবি বহুত হৈছে। আৰু এনেকুৱা বহুত মানুহ আছে যিয়ে ছবি কৰিব পৰিচালক হিচাপে। বহু টেলেন্টেড ডাইৰেক্টৰ আছে। তেওঁলোকে ছবি নিৰ্মাণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। কিন্তু আমাৰ ডাঙৰ সমস্যাটো হৈছে অসমত চিত্ৰগৃহৰ সংখ্যা যথেষ্ঠ কম। যেতিয়ালৈকে আমি চিত্ৰগৃহৰ ক্ষেত্ৰত টনকিয়াল হ’ব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ সমস্যাৰ সমাধান নোলাব। মাত্ৰ ৪০টা ছবিগৃহত আমি ছবি এখন ৰিলিজ দি তাৰপৰাই গোটেই পইচাটো উঠাই অনাটো আমাৰ বাবে এটা ডাঙৰ সমস্যা। দ্বিতীয়তে, ডিষ্ট্ৰিবিউচনৰ ক্ষেত্ৰত আমি বহু সমস্যা পাই আছোঁ। বাহিৰৰ যদি এখন ভাল ছবি কেনেবাকৈ ডিষ্ট্ৰিবিউচনত আহে তেনেহ’লে চলি থকা এখন ভাল ছবি য’ত মানুহ ৰৈ আছে ছবিগৃহত চাবলৈ তেনেকুৱা এখন ভাল ছবিও চিত্ৰগৃহৰপৰা উঠাই দিয়ে। সেইটো এটা ডাঙৰ সমস্যা হৈছে আমাৰ বাবে। গতিকে মই ভাবোঁ চৰকাৰে আমাক সহায় কৰিব লাগিব চিত্ৰগৃহৰ ক্ষেত্ৰত। ১০০-১৫০টা চিত্ৰগৃহ আমাক লাগিব, য’ত আমি অসমীয়া ছবি মুক্তি দিব পাৰোঁ। তাৰ উপৰি মই অনুভৱ কৰিছোঁ যে আমি যিমানখিনি ছবি বনাম বা বনাই আছো এখন ছবি চলিবৰ কাৰণে এসপ্তাহ বা দুসপ্তাহ পৰ্যাপ্ত নহয়। প্ৰথম সপ্তাহটো ছবিখন চিত্ৰগৃহলৈ লৈ গ’লেও, শনিবাৰে ইমান মানুহ নহ’বও পাৰে, দেওবাৰে সকলোৰে চুটীৰ দিন তেওঁলোকে ছবি চাবলৈ যাব। দেওবাৰৰপৰা এটা মাউথ পাব্লিছিটী হ’বলৈ আৰম্ভ কৰে। মই ইতিবাচক দিশটোহে কৈছোঁ নেতিবাচক দিশটোলৈ নাযাওঁ কাৰণ নেতিবাচক দিশটোৰ বিষয়ে কোৱা বহুত মানুহ আছে। তাৰ পিছত সেই মাউথ পাব্লিচিটিটো হৈ কমেও ৫টা দিন লাগিব চিত্ৰগৃহলৈ মানুহ আহিবলৈ। এসপ্তাহ আমাৰ তেনেকৈ ওলাই গ’ল। পৰৱৰ্তী সপ্তাহটোৰপৰা মানুহ অহা আৰম্ভ হ’ব। গতিকে এখন ছবি চলিবৰ কাৰণে কমেও তিনি সপ্তাহ আমাক লাগিবই। তাৰমানে এমাহ আমি এখন ছবিক দিব লাগিবই। গতিকে আমি গোটেই ডাইৰেক্টৰখিনি বা প্ৰডিউচাৰখিনিয়ে ঠিৰাং কৰি যদি লওঁ যে আজি আপুনি-মই যদি ছবি বনাইছোঁ মোৰ ছবিখন যদি জানুৱাৰী মাহত মুক্তি দিওঁ, জানুৱাৰী মাহতে আপুনিও আপোনাৰ ছবিখনৰ মুক্তিৰ তাৰিখটো নলৈ ফেব্ৰুৱাৰী মাহলৈ লৈ যায়। চলক বা নচলক। যদি মোৰ ছবি নচলিল আপোনাৰ ছবিখন কিজানি ফেব্ৰুৱাৰী মাহত চলিয়েই যায়। মোৰ ছবিখনেও সময় পালে আপোনাৰ ছবিখনেও সময় পালে। আৰু তৃতীয়খন ছবি ধৰা মাৰ্চ মাহত মুক্তি পালে। যদি আমি তেনেকৈ বছৰত ১২ খন ছবিও ভালকৈ মুক্তি দিব পাৰো তেনেহ’লে মই ভাবোঁ আৰু অলপমান আমি আগবাঢ়ি যাব পাৰিম। গতিকে মুক্তিৰ তাৰিখ হওঁক বা চিত্ৰগৃহৰ ক্ষেত্ৰত হওঁক সকলোৱে যদি সহযোগিতাৰে আমি কাম কৰি যাব পাৰোঁ, তেনেহ’লে আৰু ভাল হ’ব। আৰু আজি ধৰক টেকনিকেলী বহু সহজ হ’ল, আগৰ নিচিনা নহয়। কিন্তু কেমেৰাটো থাকিল বুলিয়েই আমি ছবি এখন বনোৱৈতকৈ অলপ শিকি-বুজি লৈ আগবাঢ়িলে বেছি ভাল হ’ব।

আপোনাৰ প্ৰতিদ্বন্দ্বী কোন বুলি ভাবে?

মোৰ প্ৰতিদ্বন্দী আটাইতকৈ ডাঙৰ যদি আছে তেনেহ’লে সেইয়া মই নিজেই। কাৰণ, মই সৰুৰেপৰা আনৰ লগত প্ৰতিযোগিতা কৰা নাই। প্ৰতিযোগিতা সদায় মই নিজৰ লগতেই কৰি আহিছোঁ। মোৰ নৃত্যৰ স্কুল ঝংকাৰ প্ৰথমে এটি সৰু কোঠাত আৰম্ভ কৰিছিলো। তাৰ পিছত স্কুলখন এক বিশেষ কাৰণত মই ঘৰলৈ তুলি নিলোঁ। মই য’ত থাকো তাত এটা ড্ৰয়িংৰূম আছিল আৰু সেই ৰূমটোটেই মই স্কুলখল আৰম্ভ কৰিছিলো। তাৰ পিছত সেই স্কুলখনেই বৰ্তমান আপুনি বহি থকা ঝংকাৰ নামৰ নৃত্যৰ স্কুলখন। গতিকে মই বেলেগ স্কুলৰ লগত প্ৰতিযোগিতা কৰা নাই। যদি মই এখন ছবি কৰিলোঁ আজি দুবছৰ পিছত মই যুঁজি আছোঁ যে মই সেই ছবিখমতকৈ ভাল কাম কৰিব লাগিব। সকলোৰে এটা সুকীয়া-সুকীয়া স্থান আছে। গতিকে প্ৰতিযোগিতা নিজৰ লগতেই কৰিব লাগিব। আপুনি মোৰ স্থানত বা মই আপোনাৰ স্থানত নিজকে যদি নিবলৈ হয় তেতিয়াহলে মোৰ স্বকীয়তা হেৰাব। যদি মোৰ স্বকীয়তাখিনি হেৰাই যায় তেতিয়াহলে মানুহে মোক নিবিচাৰিব উদয় হিচাপে। গতিকে মই সদায় মোৰ কামৰ লগতে প্ৰতিযোগিতা কৰি আহিছোঁ। কৰি থাকিম। পৃথিৱীত আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী মোৰ মই নিজেই।

অভিনয় বা নৃত্যৰ বাহিৰেও আপুনি আৰু কি কি কৰি ভাল পায়?

মই ফুৰি ভালপাওঁ। ঘৰত অলপ সময় কটাবলৈ পালে ভালপাওঁ। নিজৰ কামবিলাক নিজে কৰি ভালপাওঁ। ৰান্ধি খুব ভালপাওঁ। সময় পালেই ৰান্ধোঁ। খুৱাই ভালপাওঁ। মানুহৰ লগত একেলগে থাকি ভালপাওঁ। আদ্দা মাৰি ভালপাওঁ আৰু কিতাপ পঢ়ি খুব ভালপাওঁ। কিতাপ পঢ়িব লোৱাৰিলেও কিতাপ কিনাটো বৰ ডাঙৰ চখ। মই যদি এখন ক’ৰবাত ভাল কিতাপ দেখো, দাম বেছিয়েই হওঁক, মই কিতাপখন কিনি আনোঁ। কিতাপ গোটোৱাটো মোৰ ডাঙৰ চখ।

আপোনাৰ আগন্তুক পৰিকল্পনা কেনেধৰণৰ?

আগন্তুক পৰিকল্পনা বুলি ক’বলৈ গ’লে বহুকেইটা পৰিকল্পনাই আছে। তাৰ ভিতৰত এটা উল্লেখযোগ্য পৰিকল্পনা হ’ল নিজৰ এখন ছবি কৰা। যদি ভগৱানে ভালে-কুশলে ৰাখে তেতিয়াহ’লে মই নিজৰ ছবিখন আৰম্ভ কৰিম। তাৰ উপৰি ঝংকাৰৰ আমি যিটো বছৰেকীয়া অনুস্থানৰ আয়োজন কৰোঁ, প্ৰত্যেক বছৰে কৰি আহিছো, এইবাৰ ঝংকাৰৰ ফালৰপৰা আমি অলপ ডাঙৰকৈ এটা অনুষ্ঠান কৰিম বুলি ভাবিছোঁ। সেইটো এটা কৰিম আৰু তৃতীয়তে এটা ডাঙৰ সপোন আছে।

গুৱাহাটীতেই অকল সীমাবদ্ধ নাথাকি অসমৰ বিভিন্ন প্ৰান্তত ১৫ দিনীয়াকৈ এটা মাহত আমি এখন ঠাইত প্ৰয়োজন হ’লে দুখন ঠাইত গোটেই বছৰটোত বেলেগ কাম নকৰি জানুৱাৰীৰপৰা ডিচেম্বৰ মাহলৈকে প্ৰত্যেকটো ঠাইতে দুটাকৈ অভিনয় আৰু নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ। সেইটো কাৰণে বিভিন্ন অনুষ্ঠানৰ লগত কথা-বতৰা চলি আছে। যদি হৈ যায় তেনেহ’লে চাগে ২০১৮ বৰ্ষৰ জানুৱাৰীৰপৰা এই কামটো আমি আৰম্ভ কৰিম।

                                                         সাক্ষাৎ গ্ৰহণ:  বৰ্ষাজ্যোতি দাস আৰু জোনমণি দাস

Tags

Related Articles

Leave a Reply

Close